বানপীড়িত পৰিয়ালৰ গৃহ নিৰ্মানৰ বাবে বাঁহৰ যোগান ধৰিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই
গোৱালপাৰা, ১৩ আগষ্ট (হি.স.)। বানপীড়িত পৰিয়ালৰ গৃহ নিৰ্মানৰ বাবে বাঁহৰ যোগান ধৰিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই। ৰাজ্যৰ কনিষ্ট বিধায়ক পবিত্ৰ ৰাভাৰ মহানুভৱতাক শলাগ ৰাইজৰ। ইতিমধ্যে উজনি অসমৰ বানাক্ৰান্ত সকলক শ্ৰমদানেৰে সহায় কৰি আহিছে বিধায়ক প
বানপীড়িত পৰিয়ালৰ গৃহ নিৰ্মানৰ বাবে বাঁহৰ যোগান ধৰিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই


গোৱালপাৰা, ১৩ আগষ্ট (হি.স.)। বানপীড়িত পৰিয়ালৰ গৃহ নিৰ্মানৰ বাবে বাঁহৰ যোগান ধৰিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই। ৰাজ্যৰ কনিষ্ট বিধায়ক পবিত্ৰ ৰাভাৰ মহানুভৱতাক শলাগ ৰাইজৰ। ইতিমধ্যে উজনি অসমৰ বানাক্ৰান্ত সকলক শ্ৰমদানেৰে সহায় কৰি আহিছে বিধায়ক পবিত্ৰ ৰাভাই। পুনৰ আজি বানপীড়িত সকলৰ গৃহ নিৰ্মানৰ বাৱে গোৱালপাৰাৰ পৰা এক ট্ৰাক বাঁহ প্ৰেৰণ কৰে পবিত্ৰ ৰাভাই।

অষ্টম, নৱম আৰু দশম মান শ্ৰেণীৰ প্ৰায় ৪০০ গৰাকী ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিও যোগান ধৰে। বিধায়ক পবিত্ৰ ৰাভাই কৰা এই কৰ্মৰ জৰিয়তে কয় যে, আমি কেতিয়াও উজনি নামনি ভাগ ভাগ কৰিব নালাগে। বিপদৰ সময়ত সকলোৱে সকলোৰে সহায় হৈ পৰিব লাগে। প্ৰয়োজন সাপেক্ষে আৰু বাঁহ পঠিৱাব বুলিও কয় বিধায়ক পবিত্ৰ ৰাভাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande