স্বাধীনতা দিৱসৰ দিনা পুৱা ৪:০০ বজাত পুনৰ আৰম্ভ হ’ব মেট্ৰ’ সেৱাঃ ডি এম আৰ চি
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা বিশেষ অতিথি, আমন্ত্ৰিত আৰু সাধাৰণ জনতাৰ চলাচলৰ সুবিধাৰ বাবে দিল্লী মেট্ৰ’ ৰে’ল নিগমে শনিবাৰে পুৱা ৪:০০ বজাত সমগ্ৰ নেটৱৰ্কৰ সকলো টাৰ্মিনেল ষ্টেচনৰ পৰা মেট্ৰ’ সেৱা পুনৰ আৰম্ভ কৰিব। বৃ
येलो  लाइन पर रविवार को चलाती  ‘हर घर तिरंगा’ थीम वाली मेट्रो


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা বিশেষ অতিথি, আমন্ত্ৰিত আৰু সাধাৰণ জনতাৰ চলাচলৰ সুবিধাৰ বাবে দিল্লী মেট্ৰ’ ৰে’ল নিগমে শনিবাৰে পুৱা ৪:০০ বজাত সমগ্ৰ নেটৱৰ্কৰ সকলো টাৰ্মিনেল ষ্টেচনৰ পৰা মেট্ৰ’ সেৱা পুনৰ আৰম্ভ কৰিব। বৃহস্পতিবাৰে এক বিবৃতিত এই তথ্য দিয়া হৈছে।

প্ৰকাশ পোৱা বাতৰি অনুসৰি, ১৫ আগষ্টৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি নিয়মীয়া সেৱা পুনৰ আৰম্ভ নোহোৱালৈকে সকলো লাইনতে মেট্ৰ’ সেৱা ৩০ মিনিটৰ ব্যৱধানত চলিব। বিশেষ অতিথি আৰু প্ৰকৃত আমন্ত্ৰিতসকলৰ বাবে হেঁচামুক্ত ভ্ৰমণ নিশ্চিত কৰিবলৈ ডিএমআৰচিয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ক ১ লাখ ৩০ হাজাৰ বিশেষ প্ৰি-ইছ্যু কৰা কিউআৰ টিকট প্ৰদান কৰিছে।

ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰদান কৰা বৈধ শাৰীৰিক এডমিট কাৰ্ড থকা আমন্ত্ৰিতসকলক নিৰ্দিষ্ট মেট্ৰ’ ষ্টেচনত বিশেষ প্ৰি-ইছ্যু কৰা কিউআৰ (QR) টিকট প্ৰদান কৰা হ’ব যাতে তেওঁলোকৰ ভ্ৰমণৰ সুবিধা হয়।

প্ৰকাশ পোৱা তথ্য অনুসৰি স্বাধীনতা দিৱস উদযাপনৰ স্থানৰ আটাইতকৈ ওচৰৰ ষ্টেচন হৈছে লালকিল্লা, জামা মছজিদ, আৰু দিল্লী গেট মেট্ৰ’ ষ্টেচন। এই বিশেষ কিউআৰ টিকটসমূহ ব্যৱহাৰ কৰি কৰা ভ্ৰমণ ব্যয়ৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ডিএমআৰচিক পৰিশোধ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande