বিলাসীপাৰাত বজ্ৰপাতৰ আঘাটত একেটা পৰিয়ালৰ তিনিজন গুৰুতৰভাৱে আহত
ধুবুৰী, ১৩ আগষ্ট (হি.স.)। বিলাসীপাৰাত কালি সন্ধিয়া সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। বজ্ৰপাতৰ আঘাটত একেটা পৰিয়ালৰ তিনিজন গুৰুতৰভাৱে আহতৰ লগতে দুটা গো ধনৰ মৃত্যু। খুদিগাও দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে উক্ত ঘটনা। আহত ক্ৰমে একেটা পৰিয়ালৰ ৰশিদা খাতুন,ৰ
বিলাসীপাৰাত বজ্ৰপাতৰ আঘাটত একেটা পৰিয়ালৰ তিনিজন গুৰুতৰভাৱে আহত


ধুবুৰী, ১৩ আগষ্ট (হি.স.)। বিলাসীপাৰাত কালি সন্ধিয়া সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। বজ্ৰপাতৰ আঘাটত একেটা পৰিয়ালৰ তিনিজন গুৰুতৰভাৱে আহতৰ লগতে দুটা গো ধনৰ মৃত্যু। খুদিগাও দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে উক্ত ঘটনা। আহত ক্ৰমে একেটা পৰিয়ালৰ ৰশিদা খাতুন,ৰশমালা আৰু ৰনজুমা খাতুন।

আঁহত তিনিজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande