আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদ
আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদ ।
আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদ


ধুবুৰী, ১৩ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদৰ সৃষ্টি হৈছে । কালাচান পাৰা গাঁৱৰ বিবাদিত ভুমি ডোখৰৰ পুৰণি দাগ নম্বৰ ২৫০ আৰু নতুন দাগ নম্বৰ ৩১৪ আৰু পাট্টা নং ৩৮ ৩৩/৩২ক লৈ সৃষ্টি হৈছে বিবাদ। চৰকাৰী স্কুলৰ শিক্ষকে লাট মণ্ডলক মোটা অংকৰ ধন দি চৰকাৰী একশোনা/খাছ মাটিৰ এটা অংশ নিজৰ নামত কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৫০ বছৰৰ পৰা ১০ / ১২ ঘৰ পৰিয়ালৰ দখলত থকা ভূমি ডোখৰ আলী হোসেন নামৰ শিক্ষক গৰাকীয়ে পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়াৰ পৰা ধন লৈ লাট মণ্ডলক মেনেজ কৰি পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ নামত কৰাৰ অভিযোগ । অতি দুখীয়া দৰিদ্ৰ ১০/১২ ঘৰ পৰিয়ালে ভুমি ডোখৰত বগৰী, কল আৰু আমখেতি কৰি আহিছে । কিন্তু আলী হোসেনে চৰকাৰী ভুমি ডোখৰ আগমনি ৰাজহ চক্ৰৰ লাট মণ্ডল কালামক ঘৰত মাতি আনি ওচৰ চুবুৰীয়াৰ পৰা মোটা অংকৰ ধনৰ বিনিময়ত নিজৰ নামত এটা অংশ ম্যাদী কৰাৰ লগতে ধন লোৱা ওচৰ চুবুৰীয়াৰ নামত কৰাৰ অভিযোগ উঠিছে ।

অভিযোগ মতে লাট মণ্ডলে ভুমি ডোখৰত যোৱাৰ পৰিৱৰ্তে আলী হোসেনৰ ঘৰত বহি জৰীপ কৰে । আলী হোসেন আৰু তেখেতৰ পৰিয়ালৰ বাকী সদস্যৰ নামত চক্ৰান্তৰে অলপ অলপ কৈ ৪১ বিঘা ভূমি দখল কৰাৰ পৰিকল্পনা । ঘটনাক কেন্দ্ৰ কৰি কালাচানপাৰা চৰত সৃষ্টি হয় চেপা উত্তেজনা । ইয়াকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৪১ বিঘা চৰকাৰী ভূমি যাতে কোনেও নামজাৰি কৰিব নোৱাৰে তাৰবাবে ধুবুৰী জিলা আয়ুক্ত আৰু আগমনি চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰে গাঁওবাসীয়ে ।

এই সন্দৰ্ভত ধুবুৰী জিলা প্ৰশাসনে কালাচানপাৰা ভূমি ডোখৰক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande