দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কোকৰাঝাৰ জিলা প্ৰশাসনৰ
কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কোকৰাঝাৰ জিলা প্ৰশাসনৰ। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পথ দুৰ্ঘটনা ৰোধ কৰা লক্ষ্যৰে সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন।
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কোকৰাঝাৰ জিলা প্ৰশাসনৰ


কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী।

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কোকৰাঝাৰ জিলা প্ৰশাসনৰ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পথ দুৰ্ঘটনা ৰোধ কৰা লক্ষ্যৰে সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন।

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী খেলপথাৰৰ পৰা উলিওৱা হয় ত্ৰিৰংগা বাইক ৰেলী।

কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়িকা শেউলী মহিলাৰীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰে ত্ৰিৰংগা ৰেলী।

ত্ৰিৰংগা ৰেলী শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande