কলগাছিয়াত একাংশ অবৈধ ফাৰ্মাচী আৰু লেৱৰ'টৰীৰ বিৰুদ্ধে অভিযান ঔষধ পৰিদৰ্শকৰ
বৰপেটা, ১৩ আগষ্ট (হি.স.)। কলগাছিয়াৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গজি উঠা একাংশ অবৈধ ফাৰ্মাচী আৰু লেৱৰ''টৰীৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোতীয়াৰ নেতৃত্বত আৰু অসমৰ আন দহখন জিলাৰ পৰা অহা দহজনীয়া ঔষধ পৰিদৰ্শকৰ এটা বৃহৎ দল
কলগাছিয়াত একাংশ অবৈধ ফাৰ্মাচী আৰু লেৱৰ'টৰীৰ বিৰুদ্ধে অভিযান ঔষধ পৰিদৰ্শকৰ


বৰপেটা, ১৩ আগষ্ট (হি.স.)। কলগাছিয়াৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গজি উঠা একাংশ অবৈধ ফাৰ্মাচী আৰু লেৱৰ'টৰীৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোতীয়াৰ নেতৃত্বত আৰু অসমৰ আন দহখন জিলাৰ পৰা অহা দহজনীয়া ঔষধ পৰিদৰ্শকৰ এটা বৃহৎ দলে অভিযান চলায় কলগাছিয়াত।

জিলাখনৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন বজাৰ সমূহত থকা অনুজ্ঞাপত্ৰহীন অবৈধ ফাৰ্মাচী পৰিদৰ্শন কৰি বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰে দলটোৱে। অভিযানত লাচাংগাৰ পৰা দুখন আৰু কলগাছিয়া বজাৰৰ পৰা এখন অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী জব্দ কৰে। লগতে ঔষধ পৰিদৰ্শকৰ অহা বুলি খবৰ পাই পলায়ন কৰা ফাৰ্মাচী সমূহৰ নথিপত্ৰ বিভাগীয় কাৰ্যালয়ত তিনি দিনৰ ভিতৰত জমা দিবলৈ বন্ধ ফাৰ্মাচী সমূহৰ বেৰত জাননী আঁৰি দিয়ে দলটোৱে। এই নিৰ্দেশনা অমান্য কৰিলে ফাৰ্মাচী সমূহ চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ লগতে একাংশৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলিও জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande