ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ৰিয়েলটি শ্ব' অনুষ্ঠানত সফলতা জামুগুৰিহাটৰ জীয়ৰীৰ
শোণিতপুৰ,১৩ আগষ্ট (হি.স.)। ইণ্ডিয়াজ টেলেণ্ট ফাইট ৭.০’ (India''s Talent Fight 7.0) অনুষ্ঠানত অংশগ্ৰহণ কৰি সফলতা লাভ ৰঙাচকুৱাৰ বিপিন শইকীয়া আৰু ৰূপালী শইকীয়াৰ সুযোগ্যা সন্তান বৰষা শইকীয়াৰ৷ দেশৰ অন্যতম জনপ্ৰিয় মেগা ৰিয়েলিটি শ্ব'' ‘ইণ্ডিয়াজ টে
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ৰিয়েলটি শ্ব' অনুষ্ঠানত সফলতা জামুগুৰিহাটৰ জীয়ৰীৰ


শোণিতপুৰ,১৩ আগষ্ট (হি.স.)।

ইণ্ডিয়াজ টেলেণ্ট ফাইট ৭.০’ (India's Talent Fight 7.0) অনুষ্ঠানত অংশগ্ৰহণ কৰি সফলতা লাভ ৰঙাচকুৱাৰ বিপিন শইকীয়া আৰু ৰূপালী শইকীয়াৰ সুযোগ্যা সন্তান বৰষা শইকীয়াৰ৷ দেশৰ অন্যতম জনপ্ৰিয় মেগা ৰিয়েলিটি শ্ব' ‘ইণ্ডিয়াজ টেলেণ্ট ফাইট ৭.০’ (India's Talent Fight 7.0)ত অংশগ্ৰহণ কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে জামুগুৰিহাটৰ বৰষা শইকীয়াই।

জামুগুৰিহাটৰ ৰঙাচকুৱাৰ বাসিন্দা বিপিন শইকীয়া আৰু ৰূপালী শইকীয়াৰ সুযোগ্যা কন্যা বৰষাই ইতিমধ্যে নিজৰ প্ৰতিভাৰে মেগা অডিচনলৈ বাচনি হ’বলৈ সক্ষম হৈছে। অহা ১৬ আগষ্টত অনুষ্ঠিত হ’ব লগীয়া বহু প্ৰত্যাশিত এই মেগা অডিচনৰ এই কঠিন যাত্ৰাত সফলতাৰে আগুৱাই যাবলৈ বৰষাক এতিয়া প্ৰয়োজন সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ আৰু এটি বহুমূলীয়া ভোটৰ। বৰষাক সমৰ্থন কৰিবলৈ আৰু ভোট আগবঢ়াবলৈ এই নম্বৰত ৭২৪ ৯৯৯৯৮৭৭ barasha saikia টাইপ কৰি বা screen ত দিয়া QR Code টো স্কেন কৰক। অহা ১৬ আগষ্টৰ পূৰ্বেই আপোনাৰ ভোটটো প্ৰদান কৰি জামুগুৰিহাটৰ তথা অসমৰ এই উদীয়মান প্ৰতিভা গৰাকীক আগুৱাই নিয়াত সহায় কৰিবলৈ আহ্বান জনাইছে বৰষা শইকীয়াই

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande