টিংখাঙত বিদ্যুতৰ লুকাভাকু, অতিষ্ঠ ৰাইজ
ডিব্ৰুগড়, ১৩ আগষ্ট (হি.স.)। উৎকত গৰমত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে টিংখাঙৰ ৰাইজ। ফৰকাল বতৰতো কোনো আগজাননী নিদিয়াকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি বিদ্যুৎ যোগান বন্ধ ৰখাৰ ফলত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ উপভোক্তা সকল।
টিংখাঙত বিদ্যুতৰ লুকাভাকু, অতিষ্ঠ ৰাইজ


ডিব্ৰুগড়, ১৩ আগষ্ট (হি.স.)। উৎকত গৰমত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে টিংখাঙৰ ৰাইজ। ফৰকাল বতৰতো কোনো আগজাননী নিদিয়াকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি বিদ্যুৎ যোগান বন্ধ ৰখাৰ ফলত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ উপভোক্তা সকল। অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।

এই সংক্ৰান্তত স্থানীয় ৰাইজ , দল- সংগঠনে বাৰম্বাৰ অভিযোগ কৰাৰ পাছতো টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ তৰফৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ভলত অতিষ্ঠ হৈ বৃহস্পতিবাৰে টিংখাঙৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ বিদ্যুৎ বিভাগক জবাবদিহি কৰে। ক্ষুব্ধ ৰাইজে অতি শীঘ্ৰে টিংখাঙত বিদ্যুতৰ সমস্যা সমাধান কৰি নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে এই সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিবৰ বাবে আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande