জুলাই মাহত ভাৰতৰ ৰপ্তানি ১৯.৬৩ শতাংশ বৃদ্ধি পাই ৪৪.২৪ বিলিয়ন ডলাৰত উপনীত
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ জুলাই মাহত ভাৰতৰ ৰপ্তানি ১৯.৬৩ শতাংশ বৃদ্ধি পাই ৪৪.২৪ বিলিয়ন ডলাৰ হয়। এই সময়ছোৱাত আমদানি প্ৰায় ১৭.৫২ শতাংশ বৃদ্ধি পাই ৭৬.২২ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে, যাৰ ফলত বাণিজ্যিক ঘাটি ৩১.৯৮ বিলিয
निर्यात के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ জুলাই মাহত ভাৰতৰ ৰপ্তানি ১৯.৬৩ শতাংশ বৃদ্ধি পাই ৪৪.২৪ বিলিয়ন ডলাৰ হয়। এই সময়ছোৱাত আমদানি প্ৰায় ১৭.৫২ শতাংশ বৃদ্ধি পাই ৭৬.২২ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে, যাৰ ফলত বাণিজ্যিক ঘাটি ৩১.৯৮ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ এপ্ৰিল-জুলাইৰ ভিতৰত ৰপ্তানি ১৭.০৪ শতাংশ বৃদ্ধি পাই ১৭৩.৭৮ বিলিয়ন ডলাৰ হৈছে, আনহাতে আমদানি ১৯.২৭ শতাংশ বৃদ্ধি পাই ২৯২.৩৮ বিলিয়ন ডলাৰ হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৬ চনৰ জুলাই মাহৰ বাবে দেশখনৰ মুঠ ৰপ্তানি (সামগ্ৰী আৰু সেৱাকে ধৰি) ৮০.১৪ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে, যিটো ২০২৫ চনৰ জুলাইৰ তুলনাত ১৩.৩১ শতাংশ ইতিবাচক বৃদ্ধি। জুলাই মাহৰ মুঠ আমদানি (সামগ্ৰী আৰু সেৱাকে ধৰি) ৯৫.১৬ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে, যিটো ২০২৫ চনৰ জুলাই মাহৰ তুলনাত ১৫.৮৩ শতাংশ ইতিবাচক বৃদ্ধি।

বাণিজ্যিক তথ্য সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য সচিব ৰাজেশ আগৰৱালাই কয় যে জুলাই মাহত পশ্চিম এছিয়াৰ দেশসমূহলৈ ভাৰতৰ ৰপ্তানি ৮.৬২ শতাংশ বৃদ্ধি পাই ৫.৭ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। আগৰৱালাই উল্লেখ কৰে যে দেশৰ ৰপ্তানি বৃদ্ধিৰ কাৰণ হৈছে পেট্ৰলিয়াম সামগ্ৰী, ইলেক্ট্ৰনিকছ, অভিযান্ত্ৰিক আৰু সাগৰীয় সামগ্ৰীৰ ৰপ্তানি অধিক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande