ভেৰগাঁৱতো ৮০ সংখ্যক স্বাধীনতা দিনসৰ ব্যাপক প্ৰস্তুতি
ওদালগুৰি ১৩ আগষ্ট (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁৱতো মহকুমা প্ৰশাসনৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এইবেলিও দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালে ওদালগুৰি জিলাৰ ভেৰগাঁও
ভেৰগাঁৱতো ৮০ সংখ্যক স্বাধীনতা দিনসৰ ব্যাপক প্ৰস্তুতি


ওদালগুৰি ১৩ আগষ্ট (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁৱতো মহকুমা প্ৰশাসনৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এইবেলিও দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাতো দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি।

উদযাপনত অসম আৰক্ষীৰ এটা দলৰ লগতে অঞ্চলটোৰ বিদ্যালয় সমূহৰ পৰা প্ৰায় ১৮ টা কৈ মাৰ্চ পাষ্টৰ দলে অংশ ল'ব পেৰেডত, থাকিব সাংস্কৃতিক আৰু প্ৰদৰ্শনী অনুষ্ঠান,অতিথি হিচাপে মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়াৰ লগতে থাকিব অঞ্চলটোৰ স্থানীয় , বিধায়ক, পাৰিষদ।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অহা ১৫ তাৰিখৰ দিনা পুৱা ৮ বজাৰ আৰম্ভ হ'ব স্বাধীনতা দিৱসৰ ভিন্ন কাৰ্যসূচী। সকলো ৰাইজক ভেৰগাঁও মহকুমা খেলপথাৰলৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰাৰ আহ্বান ভেৰগাঁও মহকুমাধিপতিৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande