ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীভূত কৌশলৰ প্ৰয়োজন: নিটি আয়োগ
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান নীতি থিংক টেংক নিটি আয়গে বৃহস্পতিবাৰে কয় যে ভাৰতক ২০৪৭ চনৰ ভিতৰত বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বৃহৎ পৰিসৰৰ উৎপাদন, প্ৰতিযোগিতামূলক ক্ষমতা, উদ্ভাৱন, আৰু বিশ্ব মূল্য শৃংখলৰ সৈ
नीति आयोग के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান নীতি থিংক টেংক নিটি আয়গে বৃহস্পতিবাৰে কয় যে ভাৰতক ২০৪৭ চনৰ ভিতৰত বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বৃহৎ পৰিসৰৰ উৎপাদন, প্ৰতিযোগিতামূলক ক্ষমতা, উদ্ভাৱন, আৰু বিশ্ব মূল্য শৃংখলৰ সৈতে একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা কৌশলৰ প্ৰয়োজন হ’ব।

ভাৰতক গ্ল'বেল মেনুফেকচাৰিং হাব হিচাপে গঢ়ি তোলাৰ মূল খণ্ড শীৰ্ষক প্ৰতিবেদনত নিটি আয়োগে ঔদ্যোগিক বৃদ্ধি ত্বৰান্বিত কৰাৰ বাবে ৰাসায়নিক পদাৰ্থ, বস্ত্ৰশিল্প, দূৰসংযোগ আৰু নেটৱৰ্ক সঁজুলি, আৰু সৌৰ পিভি উৎপাদনক চাৰিটা মূল খণ্ড হিচাপে চিনাক্ত কৰিছে। প্ৰতিবেদন প্ৰকাশ কৰি নিটি আয়োগৰ উপাধ্যক্ষ অশোক কুমাৰ লাহিৰীয়ে কয় যে, ভাৰত অৰ্থনৈতিক আৰু উদ্যোগিক উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে। আমি 'উন্নত ভাৰত @ ২০৪৭'ৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ভৱিষ্যতৰ বৃদ্ধি গঢ় দিয়াত উৎপাদনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ কয় যে বিশ্বৰ আগশাৰীৰ ঔদ্যোগিক অৰ্থনীতিসমূহৰ অভিজ্ঞতাই প্ৰমাণ কৰে যে স্থায়ী অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে এক শক্তিশালী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক উৎপাদন ভিত্তি অপৰিহাৰ্য। লাহিৰীয়ে কয় যে উৎপাদনে গুণগত চাকৰিৰ সৃষ্টি কৰে, উৎপাদনশীলতা বৃদ্ধি কৰে, আৰু অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ মাজত সংযোগ শক্তিশালী কৰে, লগতে বিনিয়োগ, উদ্ভাৱন আৰু ৰপ্তানিকো প্ৰসাৰিত কৰে।

আয়োগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই খণ্ডসমূহে চাকৰি সৃষ্টি, প্ৰযুক্তিগত সামৰ্থ্য উন্নত, আত্মনিৰ্ভৰশীলতা শক্তিশালী, আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰে। আয়োগে কয় যে ভাৰতৰ সুবিধা আছে যেনে বৃহৎ ঘৰুৱা বজাৰ, অনুকূল জনগাঁথনি, অনুকূল নীতিগত পৰিৱেশ, আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি, আৰু যোগান শৃংখলৰ বৈচিত্ৰ্যৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ বৃদ্ধি।

এই প্ৰতিবেদনত নিটি আয়োগে লক্ষ্যভিত্তিক আৰু তথ্য-চালিত কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত উৎপাদনৰ অংশ ২৫ শতাংশতকৈ অধিকলৈ বৃদ্ধি, ১০ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টি, আৰু মূল খণ্ডসমূহত উন্নত প্ৰযুক্তি গ্ৰহণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande