
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণলৈ অহা কেনিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ ড০ মোজেছ এম ৱেটাংগ’উলাৰ নেতৃত্বত সংসদীয় প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎ কৰে। আলোচনাত দুয়োখন দেশৰ মাজত সংসদীয় সম্পৰ্ক, ডিজিটেল প্ৰযুক্তি, সামৰ্থ্য বিকাশ, আৰু উন্নয়নমূলক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ভাৰত আৰু কেনিয়াৰ মাজত ঘনিষ্ঠ সংসদীয় সম্পৰ্কৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে প্ৰযুক্তিগত সমাধান আৰু ডিজিটেল প্ৰযুক্তিৰ অভিজ্ঞতা কেনিয়াৰ সৈতে ভাগ-বতৰা কৰিবলৈ সাজু। কাগজবিহীন সংসদৰ দিশত ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাও তেওঁ ব্যক্ত কৰে। কেনিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ কমপ্লেক্সত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱৰ শলাগ লয়।
ৰাধাকৃষ্ণনে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত কেনিয়া ভ্ৰমণ কৰিছিল, আনহাতে ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে ২০২৩ চনত ভাৰত ভ্ৰমণ কৰিছিল।দুয়োখন দেশৰ উন্নয়নমূলক অংশীদাৰিত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ অনুদানৰ সহায়ত নাইৰোবি বিশ্ববিদ্যালয়ৰ মহাত্মা গান্ধী স্নাতক পুথিভঁৰালৰ সংস্কাৰ আৰু কেনিয়াৰ নৌসেনাৰ এমটন ঘাটিত চিটি স্কেন আন্তঃগাঁথনি প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে।
ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত ভাৰতৰ সহায়ৰ কথাও উল্লেখ কৰে, য’ত ভাৰতে কেনিয়াক প্ৰথম চালান ৪.৫ টন চিকিৎসা সামগ্ৰী প্ৰদান কৰিছিল।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে কেনিয়াত সামৰ্থ্য বিকাশৰ বাবে বিভিন্ন চৰকাৰী মন্ত্ৰালয়ৰ বাবে প্ৰায় ৪০০টা বৃত্তি আৰু প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰি আছে। ভাৰতত কেনিয়াৰ ২০ জন কূটনীতিবিদে সামৰ্থ্য বিকাশৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁ জনোৱা মতে, দীৰ্ঘম্যাদী পাঠ্যক্ৰমৰ বাবে আইচিচিআৰৰ বৃত্তি বছৰি ৮০ৰ পৰা ১০০লৈ বৃদ্ধি কৰা হৈছে।
কেনিয়াত ডিজি-লকাৰ পাইলট প্ৰজেক্টৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হোৱা এআই ইমপেক্ট ছামিটৰ সময়ত হোৱা চুক্তি আৰু কেনিয়াত গাটি শক্তি প্ৰকল্পত দুয়োখন দেশৰ দলৰ মাজত সহযোগিতাৰ কথাও উল্লেখ কৰে।
ৰাধাকৃষ্ণনে ২০২৮-২৯ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰাৰ বাবে কেনিয়াক ধন্যবাদ জনায় আৰু লগতে পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ বাবেও সমৰ্থন বিচাৰে।
তেওঁ উল্লেখ কৰে যে ভাৰত আৰু শ্বাহিলী উপকূলৰ মাজত শতিকা পুৰণি বাণিজ্যিক সম্পৰ্ক আছে। তেওঁ কেনিয়াই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট মিত্ৰতাত যোগদান কৰাৰ আশা প্ৰকাশ কৰে। কেনিয়াত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক ৪৪ সংখ্যক জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়াৰ বাবেও তেওঁ আদৰণি জনায়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে কেনিয়াৰ সংসদীয় প্ৰতিনিধি দলৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সংসদীয় আলোচনা আৰু ব্যাপক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া