বডোলেণ্ড বিশ্ববিদ্যালয়ত উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ শুভ উদ্বোধন
কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। বডোলেণ্ড বিশ্ববিদ্যালয়ত উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ শুভ উদ্বোধন । কৃষি, জৈৱ-প্ৰযুক্তি, ঔষধ, চিকিৎসা, পৰিৱেশ আৰু অণুজীৱ গৱেষণাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷বঙাইগাঁও শোধনাগাৰৰ কৰ্পৰেট পৰ
বডোলেণ্ড বিশ্ববিদ্যালয়ত উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ শুভ উদ্বোধন


কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। বডোলেণ্ড বিশ্ববিদ্যালয়ত উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ শুভ উদ্বোধন । কৃষি, জৈৱ-প্ৰযুক্তি, ঔষধ, চিকিৎসা, পৰিৱেশ আৰু অণুজীৱ গৱেষণাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷বঙাইগাঁও শোধনাগাৰৰ কৰ্পৰেট পৰিৱেশ দায়বদ্ধতা (চিইআৰ) আঁচনিৰ উদ্যোগত বৃহস্পতিবাৰে বডোলেণ্ড বিশ্ববিদ্যালয়ত উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ উদ্বোধন কৰা হয়।

বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰী উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বি এল আহুজা, বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী নয়ন বৰুৱা, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰহ্লাদ বসুমতাৰীয়ে যুটীয়াভাৱে আজি উচ্চ-প্ৰযুক্তিৰ যন্ত্ৰপাতি কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।

উল্লেখ্য যে, বঙাইগাঁও ৰিফাইনেৰীৰ পৃষ্ঠপোষকতাত স্থাপন কৰা কেন্দ্ৰটোত ৮-কেপিলাৰী জেনেটিক এনালাইজাৰ আৰু ৭৫ কিলোৱাট ক্ষমতাসম্পন্ন হাইব্ৰিড চলাৰ ইনষ্টালেচন আৰু বেটেৰী ঘৰ স্থাপন কৰা হৈছে।এই অত্যাধুনিক সঁজুলিসমূহে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উচ্চমানৰ বৈজ্ঞানিক গৱেষণা, দক্ষতা বিকাশ আৰু আন্তঃপ্ৰতিষ্ঠানিক সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষকৈ কাঠফুলা উৎপাদন, মূল্য সংযোজিত খাদ্য সামগ্ৰী, কৃষি, জৈৱ-প্ৰযুক্তি, ঔষধ, চিকিৎসা, পৰিৱেশ আৰু অণুজীৱ গৱেষণাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande