বৰপেটাৰ নিৰলাচৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই চিৰাল ফাট স্বাস্থ্য কেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহত
বৰপেটা, ১৩ আগষ্ট (হি.স.)। নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই চিৰাল ফাট মেলিছে স্বাস্থ্য কেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহত। বৰপেটাৰ নিৰলাচৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহ নিৰ্মাণত ঠিকাদাৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰ ৰফিক
বৰপেটাৰ নিৰলাচৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই চিৰাল ফাট স্বাস্থ্য কেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহত


বৰপেটা, ১৩ আগষ্ট (হি.স.)। নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই চিৰাল ফাট মেলিছে স্বাস্থ্য কেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহত। বৰপেটাৰ নিৰলাচৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ ৫২ লাখ টকীয়া গৃহ নিৰ্মাণত ঠিকাদাৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰ ৰফিকুল ইছলামে অতি নিম্নমানৰ কাম কৰাৰ বাবেই অসম্পূৰ্ণ গৃহটোৰ অতি কমেও ২০ টা স্থানত ফাট মেলিছে।

উপ-স্বাস্থ্যকেন্দ্ৰৰ গৃহ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় লোকে বিভাগীয় অভিযন্তাক একাধিকবাৰ অভিযোগ দিয়াৰ পিছতো একোৱেই নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে। উপ-স্বাস্থ্যকেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত চৰকাৰে বৃহৎ পুঁজি আৱন্টন দিছে যদিও বিভাগীয় অভিযন্তাৰ দায়িত্বহীনতাৰ সুযোগ লৈ অতি নিম্নমানৰ কাম কৰিছে ঠিকাদাৰে । নিৰলাচৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ গৃহ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্তক দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande