
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। বোকাখাতৰ ৰজাবাৰীৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হয় ৷ গেচ চিলিণ্ডাৰ ভৰ্তি বাহন আৰু তেলৰ টেংকাৰ বাহনৰ মাজত বুধবাৰে নিশা মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ সংঘৰ্ষৰ পিছতে তেলৰ টেংকাৰ খন দপদপকৈ জ্বলি উঠে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনো ডাঙৰ ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে ৰজাবাৰীবাসী ৷ প্ৰথমে টেংকাৰখনত তেল ভৰ্তি আছিল বুলি আশংকা কৰা হৈছিল যদিও পিছতহে কম পৰিমানৰ তেল থকা বুলি নিশ্চিত হয় ৷
নুমলীগড় শোধনাগাৰৰ পৰা অহা এনএল ০১এল ৫৮৫৮ নম্বৰৰ টেংকাৰ খনৰ সৈতে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এএছ ০২ডিচি ৫৭০৭ নম্বৰৰ গেচ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক খনৰ মাজত প্ৰচণ্ড জোৰে সংঘৰ্ষ হয় ৷ যাৰ ফলত গেচ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন পথৰ দাঁতিত ৰৈ যায় যদিও কিছু আতৰত তেলৰ টেংকাৰখন ৰৈ যায় যদিও টেংকাৰ খন দপদপকৈ জ্বলি উঠে ৷
ঘটনাৰ পিছত গেচ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ ড্ৰাইভাৰ হেণ্ডিমেন আৰু টেংকাৰ খনৰ হেণ্ডিমেনে পলায়ন কৰে ৷ অচেতন অৱস্থাত থকা টেংকাৰ খনৰ ড্ৰাইভাৰক স্থানীয় এজন লোকে সাহসেৰে উদ্ধাৰ কৰি ১০৮ সেৱাত বোকাখাতৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ টেংকাৰ খনৰ মালিক কমাৰগাঁও বুধবাৰীৰ ৰমেন শইকীয়া বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত দণ্ডাধীশ, আৰক্ষী, নিৰাপত্তাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আনহাতে অগ্নি নিৰ্বাপন বাহিনীৰ লোক উপস্থিত হৈ বহু সময় প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ স্থানীয় লোকৰ মতে কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত পথটো নোহোৱাৰ বাবেই সঘন এনে ঘটনা সংঘটিত হৈ আহিছে ৷ যাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল বুলি জানিবলৈ দিয়ে ৷ অতি সোনকালে কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবী জনাইছে ৷ নহ'লে এনে ধৰণৰ দুৰ্ঘটনা সঘন সংঘটিত হৈ থাকিব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা