
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা দিৱসলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সমগ্ৰ দেশৰ লগতে অসমতো স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত ৪২ ৰ আন্দোলন শ্বহীদ কুশল কোঁৱৰৰ জন্ম ভূমিত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ পৰা ছেৱাগুৰি খেলপথাৰ প্ৰাংগণলৈ এক বিশাল মটৰ চাইকেল ৰেলীৰে ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হৈছে ।
সীমান্ত অঞ্চলৰ এ বি চি চেক্টৰৰ সকলো গাওঁ প্ৰধানক লগত লৈ সৰুপথাৰ সমজিলা আৰক্ষী প্ৰশাসন, চি আৰ পি এফ বাহিনী আৰু বন বিভাগৰ সহযোগত উক্ত ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা