(আপডেট)কোকৰাঝাৰত ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলী - বাটৰ নাট
কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। কোকৰাঝাৰত ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলী - বাটৰ নাট ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক এখন বাইক ৰেলী উলিওৱা হয়। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুম
(আপডেট)কোকৰাঝাৰত ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলী - বাটৰ নাট


কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। কোকৰাঝাৰত ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলী - বাটৰ নাট ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক এখন বাইক ৰেলী উলিওৱা হয়। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা ‘হৰ ঘৰ তিৰংগা’ বাইক ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে কোকৰাঝাৰৰ বিধায়িকা শিউলী মহিলাৰী আৰু জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷

বাইক ৰেলীখন জে ডি ৰোড আৰু আৰ এন বি ৰোড হৈ কোকৰাঝাৰ চহৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে।আনহাতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে পথ সুৰক্ষা আৰু পথ দুৰ্ঘটনা সন্দৰ্ভতো এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়।হৰ ঘৰ তিৰংগা কাৰ্যসূচী জিলা আৰু আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া উপস্থিত থাকে।ইপিনে জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে প্ৰতিটো ঘৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ আৰু প্ৰত্যেক অনুষ্ঠান-প্ৰতিষ্ঠানতো জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে।ইয়াৰ লগতে কাৰ্যালয়সমূহৰ লগতে সকলো ঠাইতে স্বচ্ছতা বজাই ৰাখিবলৈও আহ্বান জনাইছে।তেওঁ কয় কোকৰাঝাৰখন যথেষ্ট ধুনীয়া আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠিছে।

গতিকে আমাৰ কাৰ্যালয় সমূহো যাতে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে, সেই দিশতো আমি গুৰুত্ব দিব লাগিব।আনহাতে পথ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ কয় যে পথ সুৰক্ষা আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান।বহু মহামাৰিতকৈও বৰ্তমান পথ দুৰ্ঘটনাই আমাৰ জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি কৰে। গতিকে পথ সুৰক্ষাক আমি এক অগ্ৰাধিকাৰ দিব লাগিব।সকলোকে হেলমেট , চিটবেল্ট পৰিধান কৰিবলৈ আহ্বান জনাই সঠিকভাৱে আৰু নিৰ্ধাৰিত গতিসীমাৰ ভিতৰত গাড়ী চলাবলৈ আহ্বান জনাইছে পংকজ চক্ৰবৰ্তীয়ে। পথ সুৰক্ষাৰ যিবোৰ নিয়ম-নীতি আছে, সেইবোৰ সকলোৱে মানি চলা উচিত বুলি মন্তব্য কৰে জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande