হাজোৰ ৰামদিয়াত মনে প্ৰাণে ত্ৰিৰংগা, হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ণ
হাজোৰ ৰামদিয়াত মনে প্ৰাণে ত্ৰিৰংগা,হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ণ
হাজোৰ ৰামদিয়াত মনে প্ৰাণে ত্ৰিৰংগা,হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ণ


কামৰূপ, ১৩ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ হাজো শুৱালকুছি সমষ্টিৰ হাজো মণ্ডলৰ উদ্যোগত আজি ত্ৰিৰংগা পতাকা যাত্ৰা উলিওৱা হয় । দেশপ্ৰেমমূলক শ্লোগানেৰে হাতে হাতে জাতীয় পতাকা লৈ বিজেপিৰ হাজো মণ্ডলৰ উদ্যোগত ৰামদিয়া বজাৰ চ'কৰ পৰা নামপাৰা চ'কলৈ ত্ৰিৰংগা যাত্ৰা উলিয়ায় ।

ত্ৰিৰংগা পতাকা যাত্ৰাত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰি স্বাধীনতা দিৱসত প্ৰতিগৰাকী নাগৰিকক নিজৰ ঘৰত সন্মান সহকাৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰি ঐক্যৰ বাৰ্তা বৰ্তাই ৰাখিব লাগিব বুলি উল্লেখ কৰে । পদযাত্ৰাত বিজেপিৰ হাজো মণ্ডল সভানেত্ৰী দিপাঞ্জলী ভৰালীকে ধৰি বহুসংখ্যক ৰাইজ আৰু দলীয় কৰ্মকৰ্তা একাংশই অংশগ্ৰহণ কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande