তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ‘হৰ ঘৰ তিৰংগা’ যাত্ৰা সম্পন্ন
অংশগ্ৰহণ প্ৰায় ৮০০ লোকৰ।
তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ‘হৰ ঘৰ তিৰংগা’ যাত্ৰা সম্পন্ন।


তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ‘হৰ ঘৰ তিৰংগা’ যাত্ৰা সম্পন্ন।


তামুলপুৰ, ১৩ আগষ্ট (হি.স.): তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ‘হৰ ঘৰ তিৰংগা যাত্ৰা’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ভাৰত-ভূটান সীমান্তৰ শশীপুৰস্থিত ডন বস্ক’ বিদ্যালয়ৰ পৰা এক পদযাত্ৰা উলিওৱা হয়।

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু এছ এছ বি তথা ডন বস্ক’ শশীপুৰৰ সহযোগত আয়োজিত এই পদযাত্ৰাত জিলা আয়ুক্ত চিমি কৰণ; অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ; সহকাৰী আয়ুক্ত অনুপম ডেকা, বিদিশা বৰা, প্ৰাজ্ঞজ্যোতি লস্কৰ; নিৰ্বাচনী বিষয়া প্ৰাঞ্জলপ্ৰাণ শইকীয়া; তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰী, শশীপুৰ ডন বস্ক' বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া-কৰ্মচাৰী, বন বিভাগৰ লোকৰ লগতে তামুলপুৰ আৰু দৰঙামেলা আৰক্ষীৰ লোকেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

শশীপুৰ ডন বস্ক’ বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাটো তামুলপুৰ-ভূটান পথেৰে আগবাঢ়ি ভূটান গে'টত উপস্থিত হয়। ইয়াৰ পাছত পদযাত্ৰাকাৰীসকলে একেটা পথেৰে পুনৰ শশীপুৰ ডন বস্ক’ বিদ্যালয়লৈ উভতি আহে। ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান, দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ ভাবনা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদযাত্ৰা আয়োজন কৰা হয়। হাতে হাতে ত্ৰিৰংগা লৈ ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰিত হৈ পৰা এই কাৰ্যসূচীত প্ৰায় ৮০০ লোকে অংশগ্ৰহণ কৰে । এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাইছে তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande