
ধুবুৰী, ১৩ আগষ্ট (হি.স.)। আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাথোন এদিন বাকী। যাতে কোনো বিচ্ছিন্নতাবাদী সংগঠনে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে যুদ্ধংদেহী ৰূপ লৈছে গোলকগঞ্জ আৰক্ষীয়ে। গোলকগঞ্জৰ ৰাজপথ, নদীপথত চলাইছে নাকা চেকিং। তন্ন তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিখন বাহন।
উল্লেখ্য যে গোলকগঞ্জ মিনি ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে উত্তোলন কৰা হব জাতীয় পতাকা। তাৰ বাবে অসম আৰক্ষীৰ জোৱানৰ লগতে এনচিচি আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চলাইছে কঠোৰ অনুশীলন। গণৰাজ্য দিৱসৰ দিনাখন গোলকগঞ্জ মিনি ষ্টেডিয়ামত বিশিষ্ট অতিথিৰ দ্বাৰা আৰক্ষী, গৃহৰক্ষী বাহিনী তথা অন্যান্য বাহিনী সমূহৰ অভিবাদন গ্রহণ, আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৰাষ্ট্ৰীয় সঙ্গীত পৰিবেশন, বিশিষ্ট অতিথিৰ দ্বাৰা ভাষণ প্ৰদানৰ অন্তত আৰক্ষী আৰু গৃহৰক্ষী বাহিনী আদিৰ দ্বাৰা আনুষ্ঠানিক কুচ-কাৱাজ প্রদর্শন কৰা হব। গণৰাজ্য দিৱস উপলক্ষ্যে আগতীয়াকৈ সষ্টম হৈছে গোলকগঞ্জ আৰক্ষীৰ লগতে সম জিলা প্ৰশাসন।
সীমান্তত অৱস্থিত হোৱা বাবে গোলকগঞ্জ আৰক্ষীয়ে অধিক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। শেহতীয়াকৈ বাংলাদেশত সংঘটিত হোৱা কিছুমান ঘটনাই চিন্তিত কৰি তুলিছে গোলকগঞ্জ আৰক্ষীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ