
কামৰূপ, ১৩ আগষ্ট (হি.স.)। ৰামদিয়া আৰক্ষীৰ বৃহৎ সফলতা
। প্ৰৱঞ্চনাৰ অভিযোগত ৰামদিয়া আৰক্ষীৰ জালত ৰেজাউল হক
।ৰামদিয়া আৰক্ষীৰ অভিযানত প্ৰৱঞ্চনাৰ অভিযোগত ৰেজাউল হক নামৰ এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
অভিযুক্ত ৰেজাউল হকৰ ঘৰ হাজোৰ মিলপাৰাত ।
অভিযোগ অনুসৰি, চৰকাৰী আঁচনিৰ নামত বিভিন্ন প্ৰলোভন দি আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ডৰ লগতে অ’টিপি সংগ্ৰহ কৰি প্ৰৱঞ্চনা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল ৰেজাউল হক আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে। এই গোচৰৰ সৈতে জড়িত হৈ কেইদিনমান পূৰ্বে বৰখলিহামাৰীৰ মগুল আলী নামৰ এজন লোকক ৰামদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
মগুল আলীৰ জেৰাৰ ভিত্তিত তদন্ত আগবঢ়াই থকা সময়তে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে অভিযান চলাই ৰেজাউল হকক কৰায়ত্ত কৰে।
ইয়াৰ উপৰি, কেইবাটাও অবৈধ ৫জি চিম প্ৰস্তুত কৰাৰ অভিযোগতো ৰেজাউল আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
অভিযানকালত আৰক্ষীয়ে এটা নোট গণনা কৰা মেচিনো উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা নোট গণনা কৰা মেচিনটোৰ মালিক বঙাইগাঁৱৰ নুৰুল আমিন সম্প্ৰতি পলাতক হৈ আছে ।
সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত অভিযুক্ত সকলৰ বিৰুদ্ধে প্ৰশাসনে কি ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা