দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড,কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি অগ্নিত জাহ
ডিব্ৰুগড়, ১৩ আগষ্ট (হি.স.)। দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ মাজমজিয়াত অগ্নিকাণ্ডৰ সুত্ৰপাত । চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় বৃহত্তৰ অঞ্চলটোত। উক্ত অগ্নিকাণ্ডৰ ফলত বলী ৰায় নামৰ ব্যক্তি গৰাকীৰ বাসগৃহট
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড,কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি অগ্নিত জাহ


ডিব্ৰুগড়, ১৩ আগষ্ট (হি.স.)। দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ মাজমজিয়াত অগ্নিকাণ্ডৰ সুত্ৰপাত । চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় বৃহত্তৰ অঞ্চলটোত। উক্ত অগ্নিকাণ্ডৰ ফলত বলী ৰায় নামৰ ব্যক্তি গৰাকীৰ বাসগৃহটো সম্পুৰ্ণৰূপে ভস্মীভূত হয়।

অৱশ্যে উক্ত অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লক্ষাধিক মূল্যৰ মূল্যৱান সা-সম্পত্তিৰ লগতে কেইবা হাজাৰ টকা জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ কেইবা খনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande