কামৰূপৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত কৃষকৰ ৰাইজৰ উত্তাল প্ৰতিবাদ
কামৰূপ, ১৩ আগষ্ট (হি.স.)। কামৰূপৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত কৃষক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছেটেলাইট চিটি নিৰ্মাণৰ নামত ব্ৰহ্মপুত্ৰৰ সুতি বন্ধ কৰা পৰিকল্পনা পৰিহাৰ কৰাৰ দাবীত হাজো ৰাজহ চক্ৰৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত
কামৰূপৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত কৃষকৰ ৰাইজৰ উত্তাল প্ৰতিবাদ


কামৰূপ, ১৩ আগষ্ট (হি.স.)। কামৰূপৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত কৃষক ৰাইজে উত্তাল প্ৰতিবাদ

সাব্যস্ত কৰে। ছেটেলাইট চিটি নিৰ্মাণৰ নামত ব্ৰহ্মপুত্ৰৰ সুতি বন্ধ কৰা পৰিকল্পনা পৰিহাৰ কৰাৰ দাবীত

হাজো ৰাজহ চক্ৰৰ লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতিৰ পাৰত কৃষক ৰাইজৰ এই উত্তাল প্ৰতিবাদ।

লাহেশ্বৰীৰ ব্ৰহ্মপুত্ৰ সুতি বন্ধ কৰি লাহেশ্বৰীৰ চাপৰিৰ কৃষি ভুমি অধিগ্ৰহণ কৰাৰ পৰিকল্পনা বন্ধ কৰাৰ দাবীত কৃষক ৰাইজৰ প্ৰতিবাদ।

লাহেশ্বৰী কৃষি ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগ প্ৰতিবাদ সাৱস্ত কৰে কৃষক ৰাইজে।

ছেটেলাইট চিটি বনোৱাৰ নামত প্ৰাকৃতিক ভাৱে বৈ যোৱা লাহেশ্বৰী ব্ৰহ্মপুত্ৰ সুতি বন্ধ কৰাক লৈ এই তীব্ৰ প্ৰতিবাদ।

উন্নয়নৰ নামত জৈৱ বৈচিত্ৰ্যৰ ধ্বংস কৰা বন্ধ কৰক ।

আমাৰ মাটি আমাৰ অধিকাৰ

লাহেশ্বৰী সুতি বন্ধ কৰাৰ পৰিকল্পনা পৰিহাৰ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ কৰে কৃষক ৰাইজে।

গৰু,ম'হ ,ছাগলীকে ধৰি জীৱ আৰু সম্পদ সুৰক্ষিত হৈ আছে চাপৰিটোত।

চৰকাৰে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে চৰকাৰক সকীয়াই দিছে

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande