খুমটাইত কৃষকৰ দুৰ্ভোগ,
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। ধনশিৰিৰ বানপানীৰ প্ৰকোপ হ্ৰাস পালেও কমা নাই ৰাইজৰ দুৰ্ভোগ। ধনশিৰি নদীৰ বলীয়া বানে হঠাৎ কালৰূপ ধাৰণ কৰাৰ ফলত সৃষ্টি হৈছিল এক হাহাকাৰময় পৰিৱেশৰ। এতিয়া ধনশিৰিৰ পানী কিছু হ্ৰাসপাইছে যদিও বানপানীয়ে এৰি যোৱা নাই দুৰ্ভোগ। পানী
খুমটাইত কৃষকৰ দুৰ্ভোগ,


গোলাঘাট, ১৩ আগষ্ট (হি.স.)। ধনশিৰিৰ বানপানীৰ প্ৰকোপ হ্ৰাস পালেও কমা নাই ৰাইজৰ দুৰ্ভোগ।

ধনশিৰি নদীৰ বলীয়া বানে হঠাৎ কালৰূপ ধাৰণ কৰাৰ ফলত সৃষ্টি হৈছিল এক হাহাকাৰময় পৰিৱেশৰ। এতিয়া ধনশিৰিৰ পানী কিছু হ্ৰাসপাইছে যদিও বানপানীয়ে এৰি যোৱা নাই দুৰ্ভোগ।

পানী সোমোৱা ঘৰসমূহত এতিয়া বোকা-পানীৰে অৱৰ্ণনীয় পৰিৱেশ। বানৰ পানী কমিলেও কৃষক সকলৰ মূৰত এতিয়া মাধমাৰ।

খুমটাই সমষ্টিৰ অন্তৰ্গত ধুলীয়াগাঁৱৰ ন পমুৱাৰ এখন কৃষি ফাৰ্মৰ দুৰৱস্থা ৰাইজৰ সন্মুখত দাঙি ধৰা হৈছে । এই কৃষি ফাৰ্মখনত প্ৰায় ১০০ বিঘা মাটিত ধান খেতি কৰা হৈছিল। কিন্তু ধনশিৰিৰ বলীয়া বানে সম্পূৰ্ণৰূপে অনিষ্ট কৰিলে ধান খেতি। ইয়াৰ লগতে জিকা আৰু কোমোৰাৰ খেতিও বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে।

কৃষক মনোজ শইকীয়াৰ মতে, বানৰ ফলত কৃষি ফাৰ্মখনত প্ৰায় ৫ৰ পৰা ৬ লাখ টকাৰ ক্ষতি হৈছে। কেৱল খেতিয়েই নহয়, বলীয়া বানে পশুধনো উটুৱাই লৈ গৈছে। আনহাতে, পুখুৰীৰ মাছো বানৰ পানীয়ে উটুৱাই নিয়াত সৰ্বস্বান্ত হৈ পৰিছে কৃষকগৰাকী।

ধনশিৰিৰ বানৰ পানী কমিছে যদিও কমা নাই বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা। বানৰ পিছত এতিয়া ক্ষতিগ্ৰস্ত কৃষকসকলৰ সন্মুখত পুনৰ জীৱনটো নতুনকৈ গঢ়াৰ প্ৰত্যাহ্বান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande