
কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। গোসাঁইগাঁৱত শিল ভৰ্তি চালান বিহীন ডাম্পাৰ জব্দ।ডিপো ৰেঞ্জাৰ দীপক বসুমতাৰীৰ নেতৃত্বত বন কৰ্মীৰ এটি দলে চালান বিহীন শিল ভৰ্তি ডাম্পাৰ জব্দ কৰা হয় । যোৱা নিশা অসম বংগ সীমান্তৰ জাৰাগুৰী পিজিআৰৰ পৰা ৬ খন শিল ভৰ্তি ডাম্পাৰ জব্দ কৰে ৷
জব্দকৃত ডাম্পাৰৰ নম্বৰ ক্ৰমে এএছ ১৬এচি ৪৬৮৫, এএছ ১৭চি ৬৭৬২, ডব্লিউবি ৬৩বি ৬৬০৮, এএছ ১৬এচি ৪৭৮১, এনএল ০১এ ৮১৯৮, তাৰ মাজত এখন ডাম্পাৰ নম্বৰ বিহীন আছিল ৷ শিল সমুহ ধুবুৰীৰ লক্ষীমাৰিলৈ লৈ যোৱাৰ কথা আছিল ৷ ঘটনাস্থলীৰ পৰা কেইজনমান চালকক আটক কৰা হই যদিও একাংশ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিব সক্ষম হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ