মহানগৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত মহানগৰ আৰক্ষীৰ।গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। জব্দ ১৫ পেকেট য়াবা (WY) টেবলেট সহ ১০ টাকৈ চাবোন বাকচ ভৰ্তি হেৰ''ইন। ১৫টা পেকেটত
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নিশা অভিযান অব্যাহত মহানগৰ আৰক্ষীৰ


নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নিশা অভিযান অব্যাহত মহানগৰ আৰক্ষীৰ


গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত মহানগৰ আৰক্ষীৰ।গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। জব্দ ১৫ পেকেট য়াবা (WY) টেবলেট সহ ১০ টাকৈ চাবোন বাকচ ভৰ্তি হেৰ'ইন। ১৫টা পেকেটত আছে মুঠ ডেৰ লাখ য়াবা টেবলেট।

এএছ ০১ ভিচি ১৩৯৬ নম্বৰৰ ট্ৰাকখনেৰে ইম্ফলৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল নিষিদ্ধ ড্ৰাগছখিনি। ট্ৰাকত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল নিষিদ্ধ সামগ্ৰী। আইএছবিটি ৰ সমীপৰ পৰা জব্দ কৰা হয় বাহন খন। জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ মুঠ মূল্য প্ৰায় ৩৯ কোটি টকা। ঘটনাৰ সৈতে জড়িত দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰী গোৱালপাৰাৰ আব্দুল কাদিৰ আৰু চৰিফুল ইছলাম।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande