
শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। শোণিতপুৰৰ মিছামাৰীত মাৰাত্মক ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী৷ মিছামাৰী সেনা চাউনীৰ কেন্টনমেন্টৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰি ড্ৰাগছ সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছে মিছামাৰী আৰক্ষীয়৷ দীৰ্ঘদিনৰ পৰা মিছামাৰীত মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰি আহিছিল দুই সৰবৰাহকাৰী ক্ৰমে ৰঙাপৰা বঙালগাৱৰ আলম মনচুৰ আৰু শামুকীয়া সুজিত ভূঞাই৷
কালি নিশা মিছামাৰী থানাৰ আৰক্ষী বিষয়া দিপজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মিছামাৰী সেনা চাউনীৰ সমীপত দুয়োকে ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ কৰে৷ দুয়োজনৰ পৰা ব্ৰাউন চুগাৰৰ ৬ টা ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা