
তিনিচুকীয়া, ১৩ আগষ্ট (হি.স.)। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত লংটং গাঁৱত থকা ‘লেখাপানী ৰিভাইব নিচামুক্তি কেন্দ্ৰ’ত এজন লোকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত লোকজনক নেত্ৰ বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নেত্ৰ বাহাদুৰ ছেত্ৰীয়ে যোৱা ১০ আগষ্টত নিজে উক্ত নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈছিল। আজি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত কেন্দ্ৰটোৰ পৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাক কেন্দ্ৰ কৰি লেখাপানী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ তদন্তৰ বাবে লেখাপানী আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰটোৰ সৈতে জড়িত ৩জন লোকক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু