দীপকৰ চাৰিটা উইকেট আৰু ঘাড়িগাঁওকাৰৰ অৰ্ধশতকেৰে চৰাইদেউ ছানৰাইজাৰ্ছৰ ৭ উইকেটৰ জয়
গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ ২০২৬ৰ ২৫ সংখ্যক খেলত চৰাইদেউ ছানৰাইজাৰ্ছে যোৰহাট ষ্টেলিয়নছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ছানৰাইজাৰ্ছে পইণ্ট তালি
Assam Premier League.


গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ ২০২৬ৰ ২৫ সংখ্যক খেলত চৰাইদেউ ছানৰাইজাৰ্ছে যোৰহাট ষ্টেলিয়নছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ছানৰাইজাৰ্ছে পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়।

চৰাইদেউৰ জয়ত ৰেশভ দীপকে বলৰ সৈতে চাৰিটা উইকেট দখল কৰাৰ পাছতো বেটেৰে বিস্ফোৰক ইনিংছ খেলিছিল। তেওঁ ১১টা বলত অপৰাজিত ৩৪ ৰান সংগ্ৰহ কৰে। ৪৪টা বলত অপৰাজিত ৫৬ ৰান কৰি দলটোৰ জয়ৰ ভেটি স্থাপন কৰে অধিনায়ক সুমিত ঘাদিগাঁওকাৰে। তেওঁৰ ইনিংছত আছিল পাঁচটা চাৰি আৰু দুটা ছয়।

প্ৰথমে বেটিং কৰি যোৰহাট ষ্টেলিয়নে ২০ অভাৰত ৮ উইকেটত ১২৮ ৰান সংগ্ৰহ কৰে। স্বৰূপম পুৰকায়স্থই ২৪ বলত ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজবীৰ সিঙে ২২ আৰু দ্যুতিময় নাথে ৭ বলত ১৯ ৰান সংগ্ৰহ কৰে। চৰাইদেউৰ হৈ ৰেশভ দীপকে ৪/১৮ আৰু দিবাকৰ জোহৰীয়ে ২/২৪ ৰান কৰে।

ইয়াৰ উত্তৰত চৰাইদেউ ছানৰাইজাৰ্ছে ১৪.৩ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৩০ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়।

অ’পেনাৰসকলে ৫৮ ৰানৰ অংশীদাৰিত্বৰে দলটোক শক্তিশালী আৰম্ভণি কৰে। প্ৰদ্যুন শইকীয়াই ২০টা বলত ২৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে ঘাদিগাঁওকাৰে ইনিংছটো স্থিৰ কৰে, আৰু অন্তিম পৰ্যায়ত দীপকৰ বিস্ফোৰক বেটিঙে দলটোক সহজ জয়ৰ দিশে আগুৱাই লৈ যায়।

চমু স্ক’ৰ : যোৰহাট ষ্টেলিয়নছ : ১২৮/৮, ২০ অভাৰ (স্বৰূপম পুৰকায়স্থ ২৮, ৰাজবীৰ সিং ২২; ৰেশভ দীপক ৪/১৮, দিবাকৰ জোহৰি ২/২৪)।

চৰাইদেউ ছানৰাইজাৰ্ছ : ১৩০/৩, ১৪.৩ অভাৰ (সুমিত ঘদীগাওঁকাৰ ৫৬*, ৰেশভ দীপক ৩৪*; দ্যুতিময় নাথ ২/২৭, অভিলাষ গগৈ ১/২২)।

ফলাফল: চৰাইদেউ ছানৰাইজাৰ্ছে যোৰহাট ষ্টেলিয়নছক ৭ উইকেটত পৰাস্ত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande