স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ধুবুৰী আৰক্ষী প্ৰশাসনৰ
ধুবুৰী, ১৩ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যাক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কিছু সময় বাকী। সমগ্ৰ ৰাজ্য়ৰ লগতে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলাইছে ধুবুৰী আৰক্ষী প্ৰশাসনে । ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলে
স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ধুবুৰী আৰক্ষী প্ৰশাসনৰ


ধুবুৰী, ১৩ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যাক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কিছু সময় বাকী। সমগ্ৰ ৰাজ্য়ৰ লগতে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলাইছে ধুবুৰী আৰক্ষী প্ৰশাসনে

ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

অহা ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰক্ষীয়ে অনুশীলন আৰু কুচকাৱাচ চলাই গৈছে।

ইপিনে স্বাধীনতা দিৱস উপলক্ষে ধুবুৰী জিলাত কট কটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সীমান্ত অঞ্চলতো সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে ধুবুৰী আৰক্ষীয়ে গঢ়ি তুলিছে কঠোৰ নিৰাপত্তা বেষ্টনী। শান্তিপূৰ্ণ ভাবে ৰাইজক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱজিৎ বৰাই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande