
ধুবুৰী, ১৩ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ জেপিএছচি-জেএছএছচি পৰীক্ষা কেলেংকাৰীৰ প্ৰতিবাদত ধুবুৰীত এবিভিপিৰ ধৰ্ণা।
চিবিআইৰ তদন্ত দাবী। সন্দেহযুক্ত পৰীক্ষা বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ দাবী। উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ।
ঝাৰখণ্ডত জেপিএছচি আৰু জেএছএছচি পৰীক্ষাত ব্যাপক অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) ধুবুৰী জিলা আৰু ধুবুৰী নগৰ শাখাই বুধবাৰে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে ঝাৰখণ্ড চৰকাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা