তেজপুৰত পহু উদ্ধাৰ
শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত সুগৰি পহু উদ্ধাৰ কৰা হৈছে। আজি বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা এটা সুগৰী পহু তেজপুৰত উদ্ধাৰ কৰা হয় ৷ উল্লেখযোগ্য যে, আজি সুগৰি পহুটোৱে প্ৰৱেশ কৰে তেজপুৰ তল কলিবাৰীৰ এটা পৰিয়ালৰ ব
তেজপুৰত পহু উদ্ধাৰ


শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত সুগৰি পহু উদ্ধাৰ কৰা হৈছে। আজি বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা এটা সুগৰী পহু তেজপুৰত উদ্ধাৰ কৰা হয় ৷

উল্লেখযোগ্য যে, আজি সুগৰি পহুটোৱে প্ৰৱেশ কৰে তেজপুৰ তল কলিবাৰীৰ এটা পৰিয়ালৰ বাসগৃহত । পাছত আঘাতপ্ৰাপ্ত পহুটোক স্থানীয় একাংশ যুৱকে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হোৱা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ তৎপৰতাত বন বিভাগৰ লোকে পহুটো নিজৰ জিন্মাত লৈ পশু চিকিৎকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande