
কাৰ্বি আংলং, ১৩ আগষ্ট (হি.স.)। কাৰ্বি আংলং জিলাৰ ডকমকাত এক ৰহস্যজনক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত চাৰ্থে ৰংহাং গাঁৱৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এতিয়া এক ৰহস্যময় পৰিৱেশ বিৰাজ কৰিছে। জনশূন্য ঘৰত উদ্ধাৰ মৃতদেহক কেন্দ্ৰ কৰি কৌতুহলৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি খেতিৰ বতৰ হোৱা বাবে দিনৰ ভাগতে চাৰ্থে ৰংহাং গাঁৱৰ বাসিন্দা চ'উইলছন ৰংহাঙৰ পৰিয়ালৰ সকলো লোক পথাৰতে ব্যস্ত আছিল।
ঘৰটোত সেই সময়ত নাছিল কোনো লোক।
কিন্তু পথাৰৰ পৰা ঘৰত উপস্থিত হৈ তেওঁলোকৰ ঘৰৰ পাছফালে থকা খেৰি ঘৰৰ ভিতৰত এক ৰহস্যজনক অৱস্থাত পৰি থকা এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি হতভম্ব হয় গৃহস্থ।
নিজৰ ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগেই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনতে হাহাকাৰ আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
ইয়াৰ পাছতেই গাঁৱৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ ঘটনা সন্দৰ্ভত ততালিকে ডকমকা আৰক্ষীক খবৰ দিয়ে।
ডকমকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।
ব্যক্তিজন কোন, তেওঁ কৰ পৰা কেনেকৈ আহি চ'উইলছন ৰংহাঙৰ বন্ধ বাসগৃহত প্ৰৱেশ কৰিলে— সেই সকলোবোৰ কথা এতিয়াও অস্পষ্ট হৈ আছে। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই।
ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ডকমকা আৰক্ষীয়ে চ'উইলছন ৰংহাঙৰ পৰিয়ালৰ কেইবাজনো লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।
মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ (DMCH) প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে স্পষ্ট হ’ব ঘটনাৰ ৰহস্য়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা