
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদৰ্শেৰে উজনি অসমৰ প্ৰলয়ংকাৰী বানত বিধস্ত জনতাক সহায়ৰ হেতু ওলাই আহিল হেজাৰ হেজাৰ লোক, দল-সংগঠন। মানৱতাবাদৰ উৎকৃষ্ট নিদর্শনেৰে দুৰ্যোগৰ জটিল সময়ত আৰ্তজনৰ কাষত থিয় দিলে সকলো । ব্যতিক্ৰম নহয় জুবিন গাৰ্গ ফেন ক্লাৱো।
জুবিন গাৰ্গ ফেন ক্লাৱ, গোলাঘাট আৰু স্বেচ্ছাসেৱী অনুষ্ঠান 'সৃজনম'ৰ সদস্যসকলে দুৰ্গতজনৰ কাষত থিয় দিছে । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে সংগঠন দুটাই । দেৰগাঁও সমষ্টিৰ মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ ৰঙাগড়াৰ বানপীড়িত ৰাইজকো আগবঢ়াই বান সাহায্য। বানৰ পিছত প্ৰয়োজন হোৱা বাল্টি, মগ ,ধূপ, চাবোন, পাটী, ব্লিচিঙক, কাপোৰকে ধৰি পোন্ধৰবিধ নিত্য ব্যৱহাৰ্য্য সামগ্ৰী আগবঢ়াই বানাক্ৰান্ত জনতাক । জুবিন গাৰ্গৰ আদৰ্শেৰে কাম কৰি সংগঠন দুটাৰ এই মানৱদৰদী কাৰ্যসূচীৰ সকলোৱে শলাগ লৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা