জামুগুৰিহাটত গৰু লৈ উধাও চোৰ,আৰক্ষী থানাত এজাহাৰ দাখিল
শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। জামুগুৰিহাটৰ টুপীয়াত সংঘটিত গৰু চুৰি কাণ্ড৷ জামুগুৰিহাটৰ টুপীয়া গাঁৱৰ গোপাল ভূমিজ , পৰমিলা ভূমিজ আৰু তিল মায়া দেবীৰ গোহালিত গৰু চোৰৰ চাফাই অভিযান। যোৱা নিশা গৃহস্থৰ টোপনিৰ সুযোগতে গোহালিৰ পৰা চাৰিজনীকৈ গাই গৰু চুৰি ক
জামুগুৰিহাটত গৰু লৈ উধাও চোৰ,আৰক্ষী থানাত এজাহাৰ দাখিল


শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। জামুগুৰিহাটৰ টুপীয়াত সংঘটিত গৰু চুৰি কাণ্ড৷ জামুগুৰিহাটৰ টুপীয়া গাঁৱৰ গোপাল ভূমিজ , পৰমিলা ভূমিজ আৰু তিল মায়া দেবীৰ গোহালিত গৰু চোৰৰ চাফাই অভিযান। যোৱা নিশা গৃহস্থৰ টোপনিৰ সুযোগতে গোহালিৰ পৰা চাৰিজনীকৈ গাই গৰু চুৰি কৰি লৈ যায় গভাইত চোৰে। পুৱাই গোহালিত নিজৰ গাই কেইজনী দেখা নাপাই চকু কপালত উঠে গৃহস্থৰ।

নিজৰ পোহনীয়া গাই গৰু কেইজনী চুৰি হোৱাৰ কথা জানিব পাৰে শোকত ভাঙি পৰে গোপালক কেইগৰাকী৷ উপায়হীন হৈ গৃহস্থই জামুগুৰি আৰক্ষী থানাত গৰুচুৰিৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande