
কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.)। গোসাঁইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ জাৰাগুৰী বজাৰত ভুৱা চালানেৰে চলিছে সাপ্তাহিক গো -বজাৰ। বিগত এটা মাহ ধৰি অবৈধ তথা ভুৱা চালান দি গৰু বজাৰ চলিছে যদিও নিমাত কচুগাঁও উন্নয়ন খণ্ড বিষয়া। ৰহস্যজনক ভাৱে সাপ্তাহিক গো - বজাৰ চলি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে স্থানীয় একাংশ স্কুলৰ শিক্ষক শ্ৰেণী কাৰ্য বাদ দি পুৱাই গো - বজাৰত বহি ৰচিদ দি থকা পৰিলক্ষিত হৈছে। অকল সেয়াই নহয় জাৰাগুৰি গো - বজাৰত সন্দেহ জনক লোকৰ আগমন ঘটিছে। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে গৰু ক্ৰয় কৰি আহিছে। সেই সকল লোকৰ নাই সঠিক পৰিচয়। গৰু কিনিবলৈ অহা সন্দেহজনক লোক সকলে এটা সময়ত গোসাঁইগাঁৱৰ বৃহৎ অঞ্চলৰ বাবে ভাবুকি হব বুলি আশংকা কৰিছে।
জাৰাগুৰিত স্থানীয় গৰু কেনা বেচা কৰিবলৈ বজাৰ বহে যদিও এই গৰু সমূহ বহিঃৰাজ্যৰ পৰা আমদানি কৰি আহিছে। শ শ গৰু কিনা বেচা কৰি ধন সংগ্ৰহ কৰি আহিছে যদিও এই ধন কাৰ কাৰ হাতত গৈছে তাৰ কোনো তথ্য নাই। স্থানীয় এজন এমচিএলএ নেতৃত্বত লৈ অবৈধ গৰুৰ বজাৰ চলাই আহিছে বুলি অভিযোগ। ইয়াৰ উপৰি অবৈধ ভাৱে চলি থকা গৰু বজাৰৰ ফলত জাৰাগুৰিৰ পৰা সংকোষ নদী লৈ যোৱা গৰকাপ্তানী পথ বন্ধ হোৱাত স্থানীয় ৰাইজে জীয়াতু ভুগিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ