
কাছাৰ, ১৩ আগষ্ট (হি.স.)। কাছাৰ জিলাত বৰাক নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ, পুৰ্বৰ লক্ষীপুৰ আৰু ডিলিমিটেছনৰ পিছত বৰ্তমান সোণাই সমষ্টিৰ অন্তৰ্গত শিৱপুৰ দ্বিতীয় খণ্ডৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকৰ খহনীয়াই।
এলেকাটোৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-বাৰী ইতিমধ্যে বৰাক নৈৰ খহনীয়াত জাহ গৈছে। ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিয়াল কেইটাই আশ্ৰয় বিচাৰি অন্য স্হানলৈ গুছি যোৱাৰ বিপৰীতে বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী বৰ্তমান নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। সেয়ে, খহনীয়া ৰোধ কৰি নৈ পৰীয়া লোক সকলক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী, বৰাকৰ দুই মন্ত্ৰী কৌশিক ৰাই আৰু কৃষ্ণেন্দু পালৰ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে নৈ পৰীয়া ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা