
বৰপেটা, ১৩ আগষ্ট (হি.স.)। বৰপেটাত গেলামালৰ দোকানত চুৰি |
চোৰে দোকানত বহি খালে অআৰএছ আৰু পানীৰ বটল |
দোকান খনৰ চিলিং ভাঙি প্ৰৱেশ কৰা চোৰে দোকানৰ কোনো সামগ্ৰী চুৰি কৰা নাই |
অবশ্যে দোকানত থকা খুচুৰা পইচাৰ মুদ্ৰা আৰু চিচি কেমেৰাৰ বক্স আৰু হাৰ্ডডিক্স খন চুৰি কৰি লৈ যায় |
এচপি অফিচৰ সমীপৰ মুনিন্দ্ৰ নাথ তালুকদাৰ নামৰ ব্যক্তি গৰাকীৰ দোকানখনত পূৰ্বেও আন এবাৰ চুৰিকাণ্ড সংঘটিত হৈছিল |
এইবাৰৰ সৈতে দোকান খনত দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হ'ল |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা