
ইছলামাবাদ, ১৩ আগষ্ট (হি.স.)। বেলুচিস্তানৰ চুৰাব (সোৰাব) জিলাৰ গাদাৰ অঞ্চলত পাকিস্তান বায়ুসেনাৰ বোমা বৰ্ষণক যুদ্ধাপৰাধ বুলি গৰিহণা দিছে বেলুচিস্তানৰ জাতীয়তাবাদী আৰু ৰাজনৈতিক সংগঠন বেলুচ নেচনেল মুভমেণ্টে। জনবসতিপূৰ্ণ অঞ্চলত জেট আক্ৰমণত ১০ বছৰৰ তলৰ নিৰীহ শিশুকে ধৰি ২০ জনতকৈ অধিক সাধাৰণ নাগৰিক নিহত হয়। এই বোমা বৰ্ষণৰ ফলত বেলুচিস্তানৰ মানৱ অধিকাৰ আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
দ্য বেলুচিস্তান পোষ্টৰ মতে, বিএনএমৰ এগৰাকী মুখপাত্ৰই কয় যে সাধাৰণ নাগৰিকৰ ওপৰত বোমা বিস্ফোৰণ আৰু নিৰীহ শিশুক হত্যা কৰাটো আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন আৰু জেনেভা সন্ধিৰ স্পষ্ট উলংঘা। বেলুচিস্তানত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পাকিস্তান সেনাই বল প্ৰয়োগ বন্ধ কৰিব লাগিব । এই মানৱীয় সংকটৰ সন্দৰ্ভত মৌন হৈ থকাৰ পৰিৱৰ্তে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক বিএনএমৰ আহ্বান জনাইছে।
মুখপাত্ৰগৰাকীয়ে কয় যে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ), সংবাদ মাধ্যম আৰু জনসংযোগ শাখাৰ একপক্ষীয় অপপ্ৰচাৰ আৰু ভুৱা বক্তব্যক স্থান দিয়াৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কোনো পক্ষপাতিত্ব নোহোৱাকৈ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰিব লাগে। আন এক খবৰ অনুসৰি বেলুচিস্তানৰ চাগাই জিলাৰ মাহিয়ান কোৰ অঞ্চলৰ এটা ব্যক্তিগত খনিজ কোম্পানীৰ খনিত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰি লাখ লাখ টকাৰ যন্ত্ৰপাতি জব্দ কৰে।
প্ৰতিবেদন অনুসৰি ইয়াৰ পিছতে অস্ত্ৰধাৰী লোকসকলে কোম্পানীটোৰ চকীদাৰ আৰু অন্যান্য শ্ৰমিকক লৈ যায়। এই শ্ৰমিকসকলৰ ভিতৰত আছে গিলগিটৰ পৰা অহা ৱাজাহাট, ৱাজিদ, শ্বাহিদ, আৰু ছাবাৰৰ লগতে স্থানীয় শ্ৰমিক জিয়াউদ্দিন, শ্বাহ ছালিম, চাগাই, আৰু ছাইদ মহম্মদ। চাগাই আৰক্ষীৰ মতে, পণবন্দীসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
ইফালে, ডেৰা বুগটি জিলাৰ ছুইৰ গেছ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণৰ পিছত কলপুৰ, মাছ, মাষ্টুং, কালাট, পাছিন, জিয়াৰাটকে ধৰি কুৱেটাৰ কেইবাটাও অঞ্চলত গেছ যোগান বন্ধ কৰি দিয়া হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাস্থলীত গেছ পাইপলাইনৰ পৰা জুইৰ শিখা বাঢ়িছে। মূল ঘাইপথৰ পৰা ৮০০ মিটাৰ দূৰত্বত পাইপলাইনৰ ভালভ এছেম্বলীত সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ