জলপ্ৰলয়ত সৰ্বস্ব হেৰুওৱা টীয়কৰ প্ৰফুল্ল দাসৰ গৃহ নিৰ্মাণ কৰিলে বিজেপি টীয়ক মণ্ডলৰ যুৱমৰ্চাই
যোৰহাট, ১৩ আগষ্ট (হি.স.)। প্ৰলয়ংকাৰী বানে বিধস্ত কৰিছিল টীয়ক পৌৰসভাৰ অন্তৰ্গত ৮নং ৱাৰ্ডৰ বানাক্ৰান্ত প্ৰফুল্ল দাসৰ ঘৰখন। দিন হাজিৰা কৰি কোনোমতে নিজৰ উপাৰ্জনেৰে নিৰ্মাণ কৰা সৰু ঘৰখন প্ৰলয়ংকাৰী বানে তচনচ কৰাত প্ৰফুল্ল দাসে দোকানৰ চাদৰ তলত নিশা কটাব
জলপ্ৰলয়ত সৰ্বস্ব হেৰুওৱা টীয়কৰ প্ৰফুল্ল দাসৰ গৃহ নিৰ্মাণ কৰিলে বিজেপি টীয়ক মণ্ডলৰ যুৱমৰ্চাই


যোৰহাট, ১৩ আগষ্ট (হি.স.)। প্ৰলয়ংকাৰী বানে বিধস্ত কৰিছিল টীয়ক পৌৰসভাৰ অন্তৰ্গত ৮নং ৱাৰ্ডৰ বানাক্ৰান্ত প্ৰফুল্ল দাসৰ ঘৰখন। দিন হাজিৰা কৰি কোনোমতে নিজৰ উপাৰ্জনেৰে নিৰ্মাণ কৰা সৰু ঘৰখন প্ৰলয়ংকাৰী বানে তচনচ কৰাত প্ৰফুল্ল দাসে দোকানৰ চাদৰ তলত নিশা কটাব লগীয়া হৈছিল ,তেওঁৰ দুদৰ্শাৰ বিষয়ে জানিব পাৰি টীয়কৰ অনান্য সুহৃদ ব্যক্তিৰ সমান্তৰালকৈ তেওঁক এটা নতুনকৈ ঘৰ সাঁজি দিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ টীয়ক মণ্ডলৰ যুৱ মৰ্চাৰ কৰ্মীসকল ওলাই আহি হাতে কামে লগা পৰিলক্ষিত হৈছে।

সেই সময়ত অকলশৰীয়া ব্যক্তিজনে মানসিকভাৱে ভাগি পৰিছিল,চিন্তিত হৈছিল নিজৰ ভৱিষ্যত দিনবোৰ কিদৰে পাৰ কৰিব তেনেতে টীয়ক বিজেপি যুৱ মৰ্চাৰ কৰ্মী সকলৰ সহায় পাই অত্যন্ত সুখী হৈ পৰিছে দুৰ্ভগীয়া ব্যক্তিজন আৰু তেওঁক বৰ্তমানলৈকে সহায় কৰা প্ৰত্যেক জনকেই অন্তৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে । ইপিনে বিপদৰ সময়ত প্ৰফুল্ল দাসৰ সৈতে থিয় দিয়া বিজেপি টীয়ক মণ্ডলৰ যুৱ মৰ্চাৰ কৰ্মী সকলে প্ৰকৃত মানৱতাৰ পৰিচয় দিছে বুলি সৰ্বতে চৰ্চা কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande