বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি - মাজৰচৰ গাওঁ পঞ্চায়তত ড্ৰাগছ বিৰোধী বিশাল সজাগতামূলক পদ যাত্ৰা
বৰপেটা, ১৩ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলক শেহতীয়া ভাৱে মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে। ফলত এই নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰিছে যুৱ প্ৰজন্ম। সমগ্ৰ চৰাঞ্চলক ড্ৰাগছ মুক্ত কৰিবলৈ বৃহস্পতিবাৰে আলোপতি - মাজৰচৰ গাওঁ পঞ্চায়তত ড্ৰাগছ বিৰো
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি - মাজৰচৰ গাওঁ পঞ্চায়তত ড্ৰাগছ বিৰোধী বিশাল সজাগতামূলক পদ যাত্ৰা


বৰপেটা, ১৩ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলক শেহতীয়া ভাৱে মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে। ফলত এই নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰিছে যুৱ প্ৰজন্ম। সমগ্ৰ চৰাঞ্চলক ড্ৰাগছ মুক্ত কৰিবলৈ বৃহস্পতিবাৰে আলোপতি - মাজৰচৰ গাওঁ পঞ্চায়তত ড্ৰাগছ বিৰোধী এক বিশাল সজাগতামূলক পদ যাত্ৰা উলিওৱা হয় । ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আলোপতি - মাজৰচৰ কমিটিৰ উদ্যোগত পঞ্চায়ত খনৰ প্ৰায় ১০ খন স্কুল কলেজৰ কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে এনেদৰে বিশাল পদ যাত্ৰা উলিয়াই ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগান দিয়ে ।

ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, ড্ৰাগছৰ কৱলৰ পৰা আমাৰ অঞ্চলক ৰক্ষা কৰক,ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰক, ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ সংকল্প লওঁক । ড্ৰাগছ বেপাৰী নিপাত যাওঁক আদি বিভিন্ন শ্লোগান দি ছাত্ৰ ছাত্ৰী সকলে সকলে এনেদৰে আকাশ বতাহ কপাই তোলে। উল্লেখ্য যে, ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ বেপাৰী সকলে মূল সূতিলৈ ঘূৰি নাহিলে তেওঁলোকৰ বিৰুদ্ধে ড্ৰাগছ বিৰোধী ঐক্য মঞ্চই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ড্ৰাগছ সেৱণকাৰী আৰু ড্ৰাগছ বেপাৰী সকলক কৱৰস্থানত কৱৰস্থ কৰা নহব বুলি সকীয়াই দিয়ে।ড্ৰাগছ বিৰোধী এই পদ যাত্ৰাত বৃহত্তৰ অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে ড্ৰাগছ বিৰোধী অভিযানত সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ড্ৰাগছ ঐক্য মঞ্চই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande