কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ খেত্ৰীস্থিত ইণ্ডো-ইজৰাইল পাচলি উৎকৃষ্টতা কেন্দ্ৰ পৰিদৰ্শন
-এই কেন্দ্ৰটোৱে ভৱিষ্যতে ৰাজ্যখনৰ কৃষক সকলৰ প্ৰশিক্ষণ আৰু উন্নত জাতৰ পুলি যোগান ধৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মন্ত্ৰী হাজৰীকা গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰীস্থিত ‘ইণ্ডো-
কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ খেত্ৰীস্থিত ইণ্ডো-ইজৰাইল পাচলি উৎকৃষ্টতা কেন্দ্ৰ পৰিদৰ্শন


-এই কেন্দ্ৰটোৱে ভৱিষ্যতে ৰাজ্যখনৰ কৃষক সকলৰ প্ৰশিক্ষণ আৰু উন্নত জাতৰ পুলি যোগান ধৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মন্ত্ৰী হাজৰীকা

গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰীস্থিত ‘ইণ্ডো-ইজৰাইল পাচলি উৎকৃষ্টতা কেন্দ্ৰ’ (Centre of Excellence for Vegetables) পৰিদৰ্শন কৰি উচ্চ উৎপাদনক্ষম পাচলিৰ পুলি উৎপাদন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয়। ‘মিছন ফৰ ইনটিগ্ৰেটেড ডেভেলপমেণ্ট অৱ হৰ্টিকালচাৰ’ (MIDH) আঁচনিৰ ‘হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেটছ’ (HMNEH) অংশৰ অধীনত আৰু ইণ্ডো-ইজৰাইল কৃষি প্ৰকল্প (IIAP) দ্বি-পাক্ষিক অংশীদাৰিত্বৰ জৰিয়তে গঢ়ি তোলা এই অত্যাধুনিক কেন্দ্ৰটো ২০২৫ চনৰ ২৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত এইচ.ই. ৰিউৱেন আজাৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল।

জলবায়ু নিয়ন্ত্ৰিত নাৰ্চাৰী আৰু আধুনিক প্ৰযুক্তিৰ গ্ৰীনহাউছ পৰিকাঠামো নিৰীক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে মাটি অবিহনে ক'ক'-পিট, পাৰ্লাইট ইত্যাদি ব্যৱহাৰ কৰি উৎপাদন কৰা বিলাহী, কেপচিকাম, বেঙেনা আৰু তিয়ঁহৰ দৰে উচ্চ চাহিদাসম্পন্ন পাচলিৰ পুলি প্ৰস্তুত কৰা কাৰ্যক্ৰমৰ বুজ লয়।

পৰিদৰ্শনকালত ইজৰাইলত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ৰাজ্যৰ প্ৰগতিশীল কৃষকসকলৰ দক্ষতাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে এই কেন্দ্ৰটোৱে ভৱিষ্যতে ৰাজ্যখনৰ কৃষকসকলৰ প্ৰশিক্ষণ আৰু উন্নত জাতৰ পুলি যোগান ধৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

উন্নয়নমূলক কাম-কাজসমূহ আৰু অধিক ক্ষিপ্ৰতৰ কৰি তুলিবলৈ বিষয়া তথা বিজ্ঞানীসকলক আহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই কেন্দ্ৰটোৰ সকলো বিষয়া আৰু বিজ্ঞানীসকলে ইয়াৰ উন্নয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগিব যাতে খেতিয়ক সমাজে ইয়াৰ সুফলসমূহ সোনকালে লাভ কৰিব পাৰে। এই পদক্ষেপে সমগ্ৰ অসমতে কৃষকসকলৰ উপাৰ্জন উল্লেখযোগ্যভাৱে বৃদ্ধি কৰাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ কয়।

উক্ত পৰিদৰ্শন কালত ডিমাৰিয়া সমষ্টিৰ বিধায়ক তপন কুমাৰ দাসৰ লগতে কৃষি বিভাগৰ আয়ুক্ত অৰুণা ৰাজৰীয়া আৰু অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande