
লক্ষীমপুৰ , 12 আগষ্ট (হি.স.)। ঘিলামৰাৰ ওভটা-অয়েঙীয়াত পানীত পৰি কিশোৰৰ মৃত্যু্। ঢকুৱাখনা সমজিলাৰ ওভটা-অয়েঙীয়াত কালি সন্ধিয়াৰ ভাগত ফোনত কথা পাতি বাটলৈ উলাই যোৱা
এটি কিশোৰৰ মৃতদেহ আজি পানীত ডুব গৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ বিৱৰণীত জানিব
পৰা মতে অয়েঙ্গীয়া বৰ গাঁৱৰ থানেশ্বৰ পাঞাঙৰ পুত্ৰ ১৫ বছৰীয়া গুনাধৰ পাঞাঙে সোমবাৰে সন্ধিয়া মাতৃক কৈ
ফোনত কথা পাতি বাটলৈ উলাই গৈছিল।
পিছত বহুত দেৰিলৈকে ঘৰলৈ উভটি নহাত নিশাই বিচাৰ খোচাৰ হয় যদিও কোনো সন্ধান নেপালে।
আজি পুৱাৰ ভাগতহে অয়েঙীয়াৰ পৰা ওভটালৈ যোৱাৰ পথৰ কাষৰ এটা খালত ডুব গৈ থকা অৱস্থাত গুনাধৰৰ মৃতদেহ উদ্ধাৰ হয়।
বাটলৈ ফোনত কথা পাতি উলাই যোৱা কিশোৰজন কিদৰে পানীত পৰিলগৈ,বা কেনেকৈ মৃত্যু ঘটিবলৈ পালে তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা