
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিৰুদ্দেশ”, “পলাই গৈছে” বা সংসদত প্রশ্নৰ সন্মুখীন হ'বলৈ ভয় কৰা বুলি উত্থাপিত অভিযোগ দৃঢ়ভাৱে নাকচ কৰে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে বিৰোধীয়ে এনে ভাষা ব্যৱহাৰ কৰিব পাৰে, কিন্তু তথ্যই সম্পূর্ণ বেলেগ ছবি দাঙি ধৰে। সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কয় যে তেওঁ নিয়মীয়াকৈ নিজৰ চেম্বাৰত উপস্থিত আছে আৰু সংসদীয় কার্যসূচীত অংশগ্ৰহণৰ বাবে সাজু হৈ আছে।
গৃহমন্ত্ৰী গৰাকীয়ে প্রশ্ন উত্থাপন কৰে যে বিৰোধীয়ে নিজেই বাৰে বাৰে সংসদৰ কাম-কাজ বাধাগ্রস্ত কৰি থাকিলে অর্থপূর্ণ আলোচনা কেনেকৈ সম্ভৱ হ'ব? তেখেতে উল্লেখ কৰে যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে চৰকাৰ নীট শিক্ষার্থী আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ সাজু। এই আলোচনাৰ বাবে উপযুক্ত সময় নির্ধাৰণ কৰাৰ বাবে বিৰোধীক আহ্বান গৃহমন্ত্ৰীৰ। চৰকাৰে আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰাৰ পাছতো বিৰোধীয়ে সংসদৰ কাম-কাজত কিয় ব্যাহত কৰি আহিছে। গৃহমন্ত্রীয়ে সংবাদ মাধ্যমত কয় যে তেওঁ প্রতিটো প্রশ্নৰ উত্তৰ দিবলৈ আৰু যিকোনো আলোচনাত অংশগ্রহণ কৰিবলৈ সাজু। চৰকাৰৰ লুকুৱাবলগীয়া একো নাই আৰু সম্পূৰ্ণ স্বচ্ছতা আৰু দায়বদ্ধতাৰ সৈতে দেশবাসীৰ সন্মুখত সম্পূর্ণ তথ্য দাঙি ধৰিবলৈ চৰকাৰ ইচ্ছুক।
গৃহমন্ত্ৰী গৰাকীয়ে বিৰোধীক মাননীয় অধ্যক্ষৰ ওচৰত আনুষ্ঠানিক পত্র দাখিল কৰি সংসদৰ প্ৰচলিত নিয়ম আৰু পদ্ধতি অনুসৰণ কৰিবলৈ আহ্বান জনায়, যাতে প্রস্তাৱিত আলোচনাসমূহ অনুষ্ঠিত কৰিব পৰা যায়। সংসদৰ ভিতৰত আলোচনা কৰাৰ পৰিৱৰ্তে সংসদৰ বাহিৰত বক্তব্য প্রদান কৰিলেই সংসদীয় কাৰ্যসূচী চলিব নোৱাৰে। অমিত শ্বাহে লগতে কয় যে মাননীয় অধ্যক্ষই আলোচনাৰ বাবে অনুমতি দিলে চৰকাৰে আনকি প্রশ্নকাল স্থগিত ৰখাৰ কথাও বিবেচনা কৰিবলৈ সাজু।
গৃহমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰে যে তেওঁ নিজে সংসদীয় কার্যসূচীত বহি প্ৰতিটো নীট পৰীক্ষাৰ লগত জড়িত প্রতিটো কথা শুনিবলৈ আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু, যাতে ভাৰতবাসীৰ সন্মুখত তথ্যসমূহ স্পষ্টভাবে দাঙি ধৰিব পৰা যায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ৰ নেতৃত্বত চৰকাৰৰ দায়বদ্ধতা আৰু গঠনমূলক সংসদীয় বিতৰ্কৰ প্ৰতি আমাৰ চৰকাৰ সদায় প্রতিশ্রুতিবদ্ধ। গৃহমন্ত্রী অমিত শ্বাহে বিৰোধীৰক কঠোৰ সমালোচনা কৰি কয় যে বিৰোধীয়ে সংসদত প্রকৃত আলোচনা বিচাৰে নে কেৱল সংসদৰ কাম-কাজ ব্যাহত কৰি ৰাজনৈতিক নাটক সৃষ্টি কৰিব বিচাৰে, সেই সিদ্ধান্ত এতিয়া তেওঁলোকৰ। চৰকাৰে আলোচনাৰ বাবে হাত আগবঢ়াইছে। এতিয়া বিৰোধীৰ দায়িত্ব হৈছে সংসদৰ মৰ্যাদা, নিয়ম আৰু কার্যপ্রণালীক সন্মান কৰি গণতান্ত্রিক প্রক্রিয়াক স্বাভাৱিকভাৱে আগবাঢ়ি যাবৰ বাবে সংসদৰ কাৰ্যপ্ৰণালীত অংশগ্ৰহণ কৰা যাতে ভাৰতবাসীৰ সন্মুখত গণতান্ত্রিক প্রক্রিয়াৰে প্ৰকৃত সত্যৰ উন্মোচন হয়।
সংসদৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে সংসদীয় কার্যকালৰ সৰ্বমুঠ সময়ৰ ৫০ শতাংশতকৈও অধিক সময় সংসদত অনুপস্থিত থাকি গৃহমন্ত্রীক সংসদত উপস্থিত থকাৰ বাবে আহ্বান কৰাৰ কোনো নৈতিক অধিকাৰ নাই। নীট পৰীক্ষা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ ওপৰত সংসদত আলোচনাত অংশগ্রহণ কৰিলে সত্য সম্মুখলৈ আহিব বুলি ভাবিয়েই কংগ্ৰেছে পৰিকল্পিতভাৱে সংসদীয় কার্যপ্রণালীত বাধা আৰোপ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী