
নয়ডা, ১২ আগষ্ট (হি.স.)। মঙলবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চৌহদ জলমগ্ন হৈ পৰে। পাৰ্কিং লটলৈ যোৱা পথটো অৱৰোধ হৈ পৰে। বিমানবন্দৰৰ জনসংযোগ বিভাগে দাবী কৰা মতে, বানপানীৰ ৩০ মিনিটৰ ভিতৰতে পানী পৰিষ্কাৰ কৰা হয় আৰু বিমান সেৱা স্বাভাৱিক কৰা হয়। ইয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে বানপানীৰ পিছত বিমানবন্দৰৰ কৰ্মচাৰীয়ে পানী আঁতৰোৱাৰ চেষ্টা কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ঘটনাৰ ভিডিঅ’ ৰাইজে লৈছিল। মঙলবাৰেও বতৰ বেয়াৰ বাবে বাতিল কৰা হয় ধৰ্মশালালৈ এখন বিমান। নয়ডা বিমানবন্দৰ কেট-III (CAT-III) প্ৰযুক্তিৰে সজ্জিত, যাৰ ফলত প্ৰচণ্ড বৰষুণ আৰু কুঁৱলীৰ সময়তো নিৰাপদে অৱতৰণ কৰিব পৰা যায়।
এই বিমানবন্দৰটো কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ অন্যতম অভিলাষী প্ৰকল্প। ১৫ জুনত ইয়াৰ পৰা বাণিজ্যিক বিমান সেৱা আৰম্ভ হৈছিল। দুমাহ নৌহওঁতেই, ইয়াৰ ব্যৱস্থাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। মঙলবাৰে বিয়লি বৰষুণ দিবলৈ আৰম্ভ কৰিলে বিমানবন্দৰৰ টাৰ্মিনেলৰ পৰা পাৰ্কিং আৰু টেক্সি ষ্টেণ্ডলৈ যোৱা মাটিৰ তলৰ চৌহদত থকা ছাবমেট্ৰ’খন পানীৰে ভৰি পৰিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে পানী গোটেই চৌহদটোত বিয়পি পৰিল। যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে বিমানবন্দৰৰ প্ৰৱেশদ্বাৰলৈ যাবলৈ বাটভ্ৰমণ কৰিব লগা হৈছিল। একাংশ লোকে ছ’চিয়েল মিডিয়াত পানী জমা হোৱাৰ ভিডিঅ’ পোষ্ট কৰি এই ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত আনকি পানী নিষ্কাশনৰ ব্যৱস্থাও নাই।
বিমানবন্দৰৰ জনসংযোগ বিভাগে বিষয়টো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে বৰষুণৰ পিছত টাৰ্মিনেল আৰু পাৰ্কিং এলেকা সংযোগী পথটো বানপানীত বুৰ গৈছে যদিও বিমানবন্দৰৰ দলটোৱে ৩০ মিনিটৰ ভিতৰতে পৰিস্থিতি পুনৰ ঘূৰাই আনে। ইয়াৰ ফলত বিমান পৰিচালনা বা বিমানবন্দৰৰ কাৰ্য্যকলাপত কোনো প্ৰভাৱ পৰা নাছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া