
কলকাতা, ১২ আগষ্ট (হি.স.)। বুধবাৰে পুৱা যান্ত্ৰিক বিজুতিৰ বাবে কলকাতাৰ পৰা চেন্নাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান নিৰ্ধাৰিত সময়ত উৰা মাৰিব পৰা নাছিল। ইয়াৰ ফলত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। বিকল্প ব্যৱস্থা নকৰাৰ লগতে বিমানখনৰ সময় সন্দৰ্ভত স্পষ্ট তথ্য দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি প্ৰায় ১৭০ জন যাত্ৰী কঢ়িয়াই অনা বিমানখন বুধবাৰে পুৱা ৬:৩০ বজাত কলকাতাৰ পৰা চেন্নাই অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। যাত্ৰীসকলক বৰ্ডিং পাছ প্ৰদান কৰা হৈছিল যদিও বিমান উৰণৰ পূৰ্বেই যান্ত্ৰিক বিকলতা ধৰা পৰিছিল। ইয়াৰ পিছতে বহু সময় অপেক্ষা কৰি থকাৰ পাছতো বিমানখনৰ যাত্ৰাৰ কোনো স্পষ্ট তথ্য নোপোৱাত যাত্ৰীসকল খঙাল হৈ পৰে।
যাত্ৰীসকলৰ অভিযোগ যে বৰ্ডিং পাছ দিয়াৰ পিছতো তেওঁলোকক এই কাৰিকৰী সমস্যাৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। দীৰ্ঘদিন ধৰি বিমানবন্দৰত ৰখাৰ পিছতো কৰ্তৃপক্ষই সমস্যা সমাধানৰ ক্ষেত্ৰত বা বিকল্প ব্যৱস্থাৰ ক্ষেত্ৰত পৰ্যাপ্ত সহায় আগবঢ়োৱা নাছিল। ইয়াৰ পিছতে যাত্ৰীসকলে বিমানবন্দৰৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে।
বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন নিৰ্ধাৰিত সময়ত উৰণ কৰিব পৰা নাছিল। লগতে তাৎক্ষণিক বিকল্প বিমানৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয় বুলিও উল্লেখ কৰে। শেহতীয়া তথ্য অনুসৰি পুৱা ১১:৩০ বজাৰ পিছত বিমানখনৰ যাত্ৰা ঘোষণা কৰা হয়। উল্লেখ কৰা হৈছিল যে বিমানখন নিশা প্ৰায় ১২:৩০ বজাত যাত্ৰা কৰিব। কিন্তু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যান্ত্ৰিক সমস্যাৰ ধৰণ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাছিল।
উৰণৰ ঠিক আগতে ধৰা পৰা যান্ত্ৰিক বিকলতাই যাত্ৰীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘদিন ধৰি পলম হোৱাৰ বাবে তেওঁলোকৰ গুৰুত্বপূৰ্ণ নিৰ্ধাৰিত কাম-কাজত ব্যাঘাত জন্মে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ