

নতুন দিল্লী, ১২ আগষ্ট (হি.স.): ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)-ৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ২০২০ চনৰ বিটিআৰ শান্তি চুক্তিৰ সকলো দফা শীঘ্ৰে ৰূপায়ণ কৰাৰ লগতে ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । লগতে সংবিধানৰ ২৮০ নং অনুচ্ছেদ শক্তিশালী কৰি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)সহ দেশৰ সকলো ষষ্ঠ অনুসূচীৰ পৰিষদক অধিক ক্ষমতাশালী কৰাৰ দাবী উত্থাপন কৰে।
ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৰ নেতৃত্বত দলটোৰ চাৰিজনীয়া প্ৰতিনিধি দলে আজি সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী আৰু ইউপিপিএলৰ উপ-সভাপতি দীপেন বড়ো উপস্থিত আছিল।
সাক্ষাৎকালত অসমৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)-ৰ জনসাধাৰণৰ কল্যাণ, উন্নয়ন আৰু সাংবিধানিক অধিকাৰৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত স্বাক্ষৰিত ২০২০ চনৰ বিটিআৰ শান্তি চুক্তিৰ সকলো দফা ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ লগতে ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু সংবিধানৰ ২৮০ নং অনুচ্ছেদ শক্তিশালী কৰাৰ দাবী উত্থাপন কৰে ইউপিপিএল সাংসদসকলে। ইয়াৰ জৰিয়তে বিটিচি আৰু দেশৰ অন্যান্য ষষ্ঠ অনুসূচীভুক্ত পৰিষদসমূহক অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়।
প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক বিটিআৰৰ বানপানী আৰু নদী-খহনীয়াৰ ভয়াৱহ সমস্যাৰ বিষয়েও অৱগত কৰে। বিশেষকৈ ভূটানৰ পৰা নামি অহা বিভিন্ন জলধাৰাৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ লগতে উজনি অসমৰ বানপীড়িত জিলাসমূহৰ পৰিস্থিতিৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ হস্তক্ষেপ আৰু সহায়ৰ আহ্বান জনোৱা হয়।
সাক্ষাৎৰ পিছত ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে কয় যে প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বৈঠকখন যথেষ্ট অৰ্থপূৰ্ণ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউপিপিএল নেতৃত্বই উত্থাপন কৰা বিষয়সমূহ ধৈৰ্যসহকাৰে শুনে বুলি তেওঁ উল্লেখ কৰে।
প্ৰমোদ বড়োৱে কয় যে বিটিআৰ শান্তি চুক্তিৰ সকলো দফাৰ ক্ষিপ্ৰ ৰূপায়ণ, বিটিচিসহ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহক অধিক ক্ষমতাশালী কৰা আৰু বিটিআৰ তথা উজনি অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ