প্ৰথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ একাউণ্টত ভুলকৈ ধন সোমোৱাক লৈ আৰক্ষীৰ দ্বাৰস্থ শিক্ষকসকল
প্ৰথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ একাউণ্টত ভুলকৈ ধন সোমোৱাক লৈ আৰক্ষীৰ কাষ চাপে শিক্ষকসকলে।
প্ৰথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ একাউণ্টত ভুলকৈ ধন সোমোৱাক লৈ আৰক্ষীৰ দ্বাৰস্থ শিক্ষকসকল


ধুবুৰী, ১২ আগষ্ট (হি.স.): প্ৰথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ একাউণ্টত ভুলকৈ ধন সোমোৱাক লৈ যোৱা কালি মঙলবাৰে বিয়লি আৰক্ষীৰ কাষ চাপে শিক্ষকসকলে। এছএনএ–স্পাৰ্শ (SNA-SPARSH) মডিউলৰ জৰিয়তে ধন সোমোৱাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনায় শিক্ষকসকলে ।

উল্লেখ্য যে প্ৰাথমিক নিয়মীয়া শিক্ষকৰ দৰমহাৰ বেংক একাউণ্টত যোৱা ১০ আগষ্ট, ২০২৬ তাৰিখে এছএনএ–স্পাৰ্শ মডিউলৰ জৰিয়তে ধন জমা হয়।কিন্তু শিক্ষকসকলে জানিব দিয়া মতে তেখেত সকলে ইতিমধ্যে সৰ্বশিক্ষা অভিযানৰ অধীনৰ পদৰ পৰা পদত্যাগ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকৰ জৰিয়তে লাভ কৰা নিযুক্তি পত্ৰৰ ভিত্তিত নিয়মীয়া শিক্ষক হিচাপে কৰ্মৰত হৈ আছে।যোৱা জুন মাহতো শিক্ষক সকলে লাভ কৰিছিল দৰমহা কিন্তু জুলাই মাহত এছএনএ–স্পাৰ্শ মডিউলৰ জৰিয়তে তেখেত সকলৰ বেংক একাউণ্টত ধন জমা হোৱাত হতবাগ হৈ পৰে শিক্ষক সকলে।

শিক্ষক সকলৰ প্ৰশ্ন নিয়মীয়া শিক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ পিছতো একাউণ্টত এছএনএ–স্পাৰ্শ মডিউলৰ জৰিয়তে ধন কিয় জমা হ'ল তথা কোনো কাৰিকৰী বা বিভাগীয় ভুলৰ ফলত এই ধন সোমাল নেকি, নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছে ? লগতে কয় যে যদি কোনো বিভাগীয় ভুলৰ বাবে চৰকাৰী ধন ভুলবশতঃ একাউণ্টত জমা হৈছে, তেন্তে পৰৱৰ্তী সময়ত সেই ধন চৰকাৰীভাৱে ঘূৰাই লোৱাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সমগ্ৰ বিষয়টো তদন্ত কৰি ধনৰ উৎস, জমা হোৱাৰ কাৰণ আৰু ইয়াৰ সৈতে কোনো বিভাগীয় ভুল বা অনিয়ম জড়িত আছে নেকি সেই কথা স্পষ্ট কৰাৰ দাবী জনায়। উক্ত ঘটনা সন্ধৰ্ভত চাপৰ শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত নিয়মীয়া প্ৰাথমিক শিক্ষকসকলে চাপৰ আৰক্ষী থানাত এখন লিখিত আবেদন দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande