
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। দেশৰ আগশাৰীৰ ঔদ্যোগিক সংঘ টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেষৰণে আজি ঘোষণা কৰে যে ২০২৭ চনৰ ২০ ফেব্ৰুৱাৰীত তেওঁৰ বৰ্তমানৰ কাৰ্যকাল শেষ হ’লে পুনৰ কাৰ্যকাল বৃদ্ধিৰ বাবে নিজৰ নাম দাখিল নকৰে । তেওঁৰ উত্তৰাধিকাৰীক শীঘ্ৰে নিৰ্বাচন কৰিবলৈ ব’ৰ্ডক অনুৰোধ জনাইছে।
বৰ্তমান ৬৩ বছৰীয়া চন্দ্ৰশেষৰণে বুধবাৰে এক বিবৃতিত কয় যে তেওঁ টাটা গ্ৰুপত ৪০ বছৰীয়া পেছাদাৰী জীৱন সম্পূৰ্ণ কৰিছে । এই সন্মানীয় প্ৰতিষ্ঠানটোলৈ অৰিহণা যোগোৱাটো গভীৰভাৱে সন্তুষ্টিদায়ক হৈ পৰিছে । যোৱা দশক ধৰি টাটা সন্সৰ নেতৃত্ব দিয়াটো এক বৃহৎ সন্মান আৰু গভীৰ দায়িত্ব।
চন্দ্ৰশেষৰণে স্পষ্ট কৰি দিয়ে যে ছাৰ দোৰাবজী টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্টে সৰ্বসন্মতিক্ৰমে তেওঁৰ কাৰ্যকাল আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই প্ৰস্তাৱ মনোনয়ন আৰু পাৰিতোষিক সমিতি আৰু টাটা সন্সৰ ব’ৰ্ডে অনুমোদন জনাইছিল । কিন্তু ২৪ ফেব্ৰুৱাৰীত ব’ৰ্ডৰ বৈঠকত সৰ্বসন্মতিক্ৰমে সমৰ্থন নোপোৱাৰ বাবে তেওঁ এই সিদ্ধান্ত পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।
তেওঁ কয় যে কোনো সিদ্ধান্ত নোহোৱাকৈ ছমাহ পাৰ হৈ গৈছে, আনহাতে টাটা ছন্স কেইবাটাও কৌশলগত প্ৰকল্পৰ গুৰুত্বপূৰ্ণ ৰূপায়ণৰ পৰ্যায়ত আছে। ফলস্বৰূপে ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত গোটটোৰ নেতৃত্বৰ বাবে স্পষ্টতা অতি প্ৰয়োজনীয় আছিল । চন্দ্ৰশেক্ৰনে মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ ব’ৰ্ডক দ্ৰুত উত্তৰাধিকাৰৰ সিদ্ধান্ত ল’বলৈ অনুৰোধ জনায়। তেওঁ নিজৰ বক্তব্যৰ সামৰণিত সকলো অংশীদাৰৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
এন চন্দ্ৰশেষৰণ ২০১৭ চনত টাটা সন্সৰ অধ্যক্ষ হয় । ইয়াৰ পূৰ্বে তেওঁ টাটা কনচালটেন্সি চাৰ্ভিচেছ (টিচিএছ)ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) আৰু পৰিচালন সঞ্চালক (এমডি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁৰ নেতৃত্বত কোম্পানীটোৱে বিশ্বব্যাপী আইটি সেৱা খণ্ডত উল্লেখযোগ্য বৃদ্ধি লাভ কৰিছিল। তেওঁৰ কাৰ্যকালত টাটা গ্ৰুপে ডিজিটেল ৰূপান্তৰ, বিশ্ব সম্প্ৰসাৰণ, আৰু কৌশলগত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। চন্দ্ৰশেকৰণৰ নেতৃত্বত টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া অধিগ্ৰহণ কৰি বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তিৰ বিনিয়োগ বৃদ্ধি কৰি গ্ৰুপ কোম্পানীসমূহক নতুন প্ৰযুক্তিগত দিশ প্ৰদান কৰে। টাটা গ্ৰুপক আধুনিকীকৰণ আৰু বিশ্বব্যাপী নেতা হিচাপে স্থান দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ