তামুলপুৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ
তামুলপুৰ, ১২ আগষ্ট (হি.স.)। তামুলপুৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ। বিটিচি চৰকাৰৰ বাণিজ্য বিভাগৰ উদ্যোগত তামুলপুৰত এক নতুন আৰ চি চি (জি+১) ডি আইএণ্ড চি চি কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে। ২০২৫-২৬
তামুলপুৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ


তামুলপুৰ, ১২ আগষ্ট (হি.স.)। তামুলপুৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ। বিটিচি চৰকাৰৰ বাণিজ্য বিভাগৰ উদ্যোগত তামুলপুৰত এক নতুন আৰ চি চি (জি+১) ডি আইএণ্ড চি চি কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এ অ পি (এছ অ পি ডি) পুঁজিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পটোত ডিপ টিউবৱেল ব’ৰিং, অনাময় ব্যৱস্থা আৰু আভ্যন্তৰীণ বৈদ্যুতিকীকৰণৰ কামো অন্তৰ্ভুক্ত কৰা হৈছে।

আজি আয়োজিত এক বিশেষ অনুষ্ঠানত এই নতুন ভবনৰ আধাৰশিলা আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য মুন মুন ব্ৰহ্মই। উক্ত অনুষ্ঠানত কাৰ্যবাহী সদস্য মাহেশ্বৰ বসুমতাৰী, তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই উদ্যোগক উৎসাহিত কৰে। এই নতুন কাৰ্যালয় গৃহ নিৰ্মাণৰ ফলত তামুলপুৰ অঞ্চলত উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰখন অধিক শক্তিশালী তথা সুচল হৈ পৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande